অসম

নিলম্বন কৰিলেও মই জাহাজৰ প্ৰতীকত নিৰ্বাচন খেলিমঃ দুলু আহমেদ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলসমূহৰ মাজত বৃদ্ধি পাইছে দলীয় সংঘাত। বিৰোধী ঐক্য়ই লুৰিণ জ্যেতি গগৈক ডিব্ৰুগড় সমষ্টিৰ পৰা টিকট প্ৰদান কৰাৰ লগে লগে অসম জাতীয় পৰিষদত দেখা দিছে দলীয় সংঘাত। দলটোৰ উপ-সভাপতি দুলু আহমেদে বৰপেটা লোকসভা সমষ্টিত নিজৰ ইচ্ছা অনুসৰি নিৰ্বাচন খেলিবলৈ লোৱা পাছতে দলটোৰ অৰাজকতাই দেখা দিছে।

ইয়াৰ মাজতে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত বহু বিস্ফোৰণ কৰিছে। ক্ষোভ প্ৰকাশ কৰি তেওঁ লিখিছে যে-

লুৰীণ জ্যোতি গগৈ ডাঙৰীয়া,

মোৰ নিৰ্বাচনী সভা বাতিল কৰিবলৈ চেষ্টা কৰাৰ বাবে মোৰ প্ৰতিক্ৰিয়া।

● আপুনি কি কেৱল নিজৰ ডিব্ৰুগড় আসনখন সুৰক্ষিত কৰি কংগ্ৰেছ দলৰ ভৰিত পৰি কি ভিতৰুৱা বুজাবুজি কৰি ১৪ তাকৈ দলক ঠগাই নিজৰ সমষ্টিত ব্যস্ত থকাৰ আঁৰৰ ৰহস্য কি ৰাজহুৱা কৰিম নেকি ?

● আপোনাক কি কংগ্ৰেছৰ ভৰিত পৰি নিজৰ আসনখন সুৰক্ষিত কৰাৰ বাবেহে বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক বনাইছিল নেকি ?

● এয়াই নেকি আপোনাৰ আপোচবিহীন যাত্ৰা,বজ্ৰ

কণ্ঠৰ চৰিত্ৰ সমূহ ?

● আপুনি কি অসম জাতীয় পৰিষদ দল কেৱল উজনি অসমকলৈ আৰু সংখ্যাগুৰু নেতাৰে চলাম বুলি ভাবিছে নেকি ?যাৰ বাবে মই নামনিৰ সংখ্যালঘু নেতা হোৱা বাবে মোক নাইকিয়া কৰিব বিচাৰিছে ?

● আপুনি কি দলীয় প্ৰতীক চিহ্ন জাহাজ খনৰ মালিক নেকি ?

● ২০২১ বিধানসভা নিৰ্বাচনত আপুনি কিয় মনে মনে দিল্লীৰ ৰাজস্থান গেষ্ট হাউচ কংগ্ৰেছ নেতাৰ লগত লগ হৈ ভিতৰুৱা বুজা বুজিৰ নামত কিমান টকা দাবী কৰিছিল তাৰ তথ্য লাগে নেকি ?

● কোনো ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা নকৰোঁ বুলি ডিঙিৰ শিৰা ফুলাই ফুলাই ডাঙৰ ডাঙৰ ভাষণ মিছাকৈ দি আপোনাৰ অলপো লাজ লগা নাই নে দিল্লীৰ কংগ্ৰেছৰ মুখ্যকাৰ্যলয়ত কেৱল নিজৰ টিকেটৰ ভৰিত পৰিবলৈ।

● আপোনাৰ অমায়িক চেহেৰাৰ আঁৰত থকা সম্প্ৰদায়িক আৰু উজনি নামনিৰ বিভাজনৰ ৰাজনীতিৰ চৰিত্ৰ অসমৰ ৰাইজে লাহে লাহে গম পাব।

● আপুনি মোৰ নিৰ্বাচনী সভা যিমানেই বন্ধ কৰাৰ চেষ্টা নকৰক কিয় নামনি অসমৰ দলীয় কৰ্মী আপোনাৰ চাকৰ নহয় যে আপুনি যি নিৰ্দেশ দিব তাকেই পালন কৰিব

● আপুনি মোক যিমানেই কাৰণ দৰ্শোৱা জাননী জাৰি নকৰক কিয়,নিলম্বন,বহিস্কাৰ নকৰক কিয় মই জাহাজৰ প্ৰতীকত নিৰ্বাচন খেলিম,আপুনি পাৰে যদি মোৰ প্ৰতীক বাতিল কৰি দেখাওক।

● এনেও আপোনাৰ মালিকাবধীন অসম জাতীয় পৰিষদ দল লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত বন্ধ হৈ যাব।

● আপুনি কেৱল আৰু দুদিনমান অপেক্ষা কৰক মই লাগিলে ৰাজনীতিয়ে নকৰোঁ কিন্তু আপোনাৰ লোভনীয় চৰিত্ৰ ৰাজহুৱা কৰক।

অৱশ্যে দুলু আহমেদৰ এই অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে। তেওঁ কয় যে- "মই  নিজেই নিজক জানো । নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে । অসমৰ জনগণৰ ওপৰত বিশ্বাস ৰাখিছো । কোনো ব্যক্তি‌ বিশেষৰ সমালোচনা মই উত্তৰ দিব বিচৰা নাই । অসমৰ ৰাইজৰ আগত পৰীক্ষা দিবলৈ বাকী নাই। মই কি কৰিছো জনতাই বিচাৰ কৰিব, সময়ৰ ওপৰত এৰিছো । জনগণে প্ৰশ্ন কৰিলে উত্তৰ দিম। জনগণৰ ওচৰত মই দায়বদ্ধ"।