অসম

নিউ গুৱাহাটীত ৰে’ল কৰ্তৃপক্ষই নমাইছে বিভীষিকা! শ শ ট্ৰাক-ডাম্পাৰত ক’লৈ যায় চিমেন্টৰ ক্লিংকাৰ… EXCLUSIVE VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰদূষণমুক্ত অসম গঢ়াৰ লক্ষ্যৰে চৰকাৰে কোটি কোটি টকাৰ বিজ্ঞাপন, হ'ৰ্ডিং আদিৰে প্ৰচাৰ চলাই লাখ লাখ গছ পুলি ৰুই চমক সৃষ্টিৰ প্ৰয়াস কৰিছে। কিন্তু একে সময়তে গুৱাহাটীৰ মাজমজিয়াত থকা নুনমাটি শোধনাগাৰে সৃষ্টি কৰা প্ৰদূষণৰ ফলত নাৰেংগী, পানীখাইতি, গোপালনগৰ, ছেক্টৰ ১, নিউ গুৱাহাটী, বামুনীমৈদাম অঞ্চলত কেনে পৰিস্থিতিৰ সৃষ্টি হৈছে তালৈ কেতিয়াও দৃষ্টি দিয়া নাই।

অতি শেহতীয়াকৈ আকৌ নিউ গুৱাহাটীত থকা ৰেল বিভাগৰ টিকট বুকিং কাউণ্টাৰ কাৰ্যালয়ৰ লগতে কংগ্ৰেছ আমোলত চলাৰ দৰেই পুনৰ আৰম্ভ কৰা হৈছে বৰ্ণিহাট, ১৪ মাইল, নংপু আদি থকা চিমেন্ট কাৰখানালৈ ৰেলযোগে সৰবৰাহ কৰা ক্লিংকাৰ ট্ৰাকলৈ নমাই চালান দিয়াৰ কাম। উল্লেখযোগ্য যে, গুড়ি চিমেন্টৰ শেষ পৰ্যায়ৰ কেচা সামগ্ৰী ৰূপে পৰিগণিত এই ক্লিংকাৰত ৮০ৰ পৰা ৯০ শতাংশই মিহলি হৈ থাকে চিমেন্ট। ফলত ৰেলৰ ৰেগৰ পৰা ক্ৰেনযোগে ডাম্পাৰ তথা ট্ৰাকলৈ নিশা নিশা ক্লিংকাৰ ৰি-ল'ড কৰাৰ সময়চোৱাত ইয়াৰ কাষতে থকা মূল বাটটোতেই প্ৰতি নিশা ৮ বজাৰ পৰাই দিল্লী সদৃশ এক পৰিৱেশ অব্যাহত আছে।

আনকি এই অঞ্চলত খোজকাঢ়ি অহা-যোৱা কৰা মানুহে নিশা ৰাজপথতে উশাহ ল'ব নোৱাৰা এক ভয়াৱহ অৱস্থাৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সাংবাদিকৰ দলে অঞ্চলটোত চলি থকা বিপদজনক এই সৰবৰাহে সৃষ্টি কৰা পৰিৱেশৰ খবৰ পাই তাত উপস্থিত হোৱাৰ সময়ত শতাধিক পাহোৱাল ডেকাৰে পৰিবেষ্টিত বৃহৎ এলেকা এটাত কুৰিখনৰো অধিক ক্ৰেনে অসংখ্য ট্ৰাকত ৰেলৰ ৱাগনৰ পৰা এই ক্লিংকাৰ বোজাই কৰাৰ ভয়াৱহ দৃশ্য কেমেৰাত বন্দী কৰাৰ লগতে ট্ৰাক-ক্ৰেনৰ চালক, তাত ঘূৰি-ফুৰা ডেকাসকলৰ পৰা ৰেলখন ক'ৰ পৰা আহিছে, ক'লৈ যাব ইত্যাদি প্ৰশ্নৰ উত্তৰ বাৰে বাৰে বিচাৰে যদিও মুখত মাস্ক লগাই লৈ ঘূৰা এই ব্যক্তিসকলে ইয়াৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰে।

প্ৰায়বোৰে নিজকে ট্ৰাক চালক বা হেণ্ডিমেন বুলি পৰিচয় দি বোজাই হোৱাৰ পাছতহে মালিকে ফোনযোগে তেওঁলোকক সামগ্ৰী ক'লৈ নিয়া হ'ব বুলিও বহুতে কয়। ক্লিংকাৰৰ ৰেগখন ক'ৰ পৰা তালৈ আহিল সেই সন্দৰ্ভত তেওঁলোকে অজ্ঞতা প্ৰকাশ কৰে। আনকি নিজকে ৰে'ল বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া লোকেও এই সন্দৰ্ভত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ মাজতে দুই-এজন ট্ৰাক চালকে অৱশ্যে ১৪ মাইল অঞ্চললৈ প্ৰথমে এই ট্ৰাকসমূহ যোৱাৰ পাছতহে মুল গন্তব্য স্থান সন্দৰ্ভত তেওঁলোকক জানিবলৈ দিয়া হোৱা বুলিও কয়।

ইফালে, কেমেৰা ঘূৰাৰ লগে লগে তাত পহৰা দি থকা এচাম পাহোৱালে নিজকেকেমেৰাৰ লেন্সৰ পৰা বচাই পলাবলৈ চেষ্টা কৰাৰ বিপৰীতে আন এচামে আকৌ ট্ৰাক আৰুক্ৰেনেৰে গাড়ীসহ সাংবাদিকৰ দলটোক কিছু সময়লৈ কৌশলপূৰ্ণভাৱে ঘেৰাও কৰি ৰাখিফোনযোগে কাৰোবাৰ লগত যোগাযোগো কৰে। পিছে তেওঁলোকৰ এনে প্ৰচেষ্টা সফল নহ'ল। সমগ্ৰদৃশ্য কেমেৰাত বন্দী কৰাৰ লগতে তাত পোৱা বিভিন্ন জনৰ বক্তব্য সংগ্ৰহ কৰি সেইঅঞ্চলৰ পৰা ওলাই অহাৰ পাছতে অতি ৰহস্যজনকভাৱে ট্ৰাক-ক্ৰেন সকলো লাহে লাহে তাৰ পৰাউধাও হয়। যাৰ বাবে যোৱা নিশা গোটেই ক্লিংকাৰ পৰিবাহী ৰেগখনৰ পৰা সকলো সামগ্ৰীকঢ়িয়াই নিব নোৱাৰাত শুকুৰবাৰেও বৃহৎ এটা অংশ ৰেল আলীৰ দাঁতিত পৰি আছে।

প্ৰণিধানযোগ্য যে, ৩ বছৰৰ পূৰ্বে শাসনত কংগ্ৰেছ থকা সময়ত 'সূৰ্য' চিমেন্টৰ ফেক্টৰীলৈ অনা ক্লিনকাৰ ধাৰাবাহিকভাৱে ইয়াত ৰি-ল'ড কৰাৰ ঘটনা সন্দৰ্ভত এই প্ৰতিবেদকেই ফটোসহ ধাৰাবাহিক এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে জনবসতিৰ লগতে কেইবাখনো বিদ্যালয়, চিকিৎসালয় আৰু প্ৰাথমিক চিকিৎসা সেৱা কেন্দ্ৰ থকা অঞ্চলটোত ক্লিংকাৰৰ ৰি-ল'ডিঙৰ কাৰবাৰটো বন্ধ কৰিবলৈ ৰেল কৰ্তৃপক্ষ বাধ্য হৈছিল। কিন্তু এই ক্লিংকাৰ আৰু শোধানাগাৰৰ প্ৰদূষণে যোৱা কেইটামান বছৰত নুনমাটি, ছেক্টৰ১, নেপালী চ'ক, গোপালনগৰ, জয়ন্ত নগৰ, শংকৰনগৰ, গণেশমন্দিৰ পথ, বামুনীমৈদাম আদি অঞ্চলত অচিনাক্ত চালৰ খজুলি আৰু ঘাঁৰ লগতে শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হৃদৰোগ আনকি কৰ্কট ৰোগৰ দৰে ৰোগৰ প্ৰাদূৰ্ভাৱো অভাৱনীয় হাৰত বৃদ্ধি কৰিছে।

বৃহস্পতিবাৰে নিশা অঞ্চলটোত ক্লিনকাৰ নমাওতে যি পৰিৱেশ-পৰিস্থিতিৰসৃষ্টি হৈছে সেয়া ঘাইপথেৰে যোৱা প্ৰতিজন লোকেই উপলব্ধি কৰিছে। আনকি বহুতে কথা-বতৰাপাতোতেও যন্ত্ৰনা অনুভৱ কৰে যদিও, ইয়াৰ কাৰণ কি সেয়া অনুধাৱন কৰিবলৈ সক্ষম হোৱানাই। কিন্তু স্বচ্ছ ভাৰত, বায়ু প্ৰদূষণমুক্ত দেশ গঢ়াৰ শ্ল'গান দিয়া চৰকাৰে শিশুদিৱসৰ দিনটোতে নিউ গুৱাহাটীত শিশুৰ হাওঁফাওঁৰ লগতে কোমল চালত কেনে ভয়ানক প্ৰভাৱপেলাব পাৰে অথবা হৃদ বা শ্বাস-প্ৰশ্বাসত ৰোগত আক্ৰান্ত লোকসকলৰ জীৱনক কি পৰ্যায়লৈঠেলি দিব পাৰে সেই বিষয়ে মুঠেও চিন্তা কৰা নাই।

চৰকাৰৰ এনে নিৰ্লিপ্ততা যে একাংশ চৰকাৰৰ তোষামোদকাৰী, মুনাফাখোৰ তথাকথিত ৰাজনৈতিক চেলা-চামুণ্ডাৰ স্বাৰ্থৰ সৈতে জড়িত তাৰ বিস্তাৰিত বিৱৰণ দিয়াৰো প্ৰয়োজন নাই। একেদৰে মৌন হৈ আছে প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ নামৰ বগা হাতী সদৃশ বিভাগটোও। পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিতেই এই কথা ক'ব পাৰি যে এই বিভাগটোৰ বৰমূৰীয়াসকল প্ৰদূষণমুক্ত কৰিবলৈ নহয়, প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ বা কাৰ্যকলাপত লিপ্তসকলৰ পৰা ধন সংগ্ৰহৰ বাবেহে অসমত বৰ্তি আছে। তেওঁলোকৰ এনে নিৰ্লিপ্ততাৰ বাবেই শদিয়াৰ পৰা ধুবুৰীলৈ, পাৰ্বত্য ভূমিৰ পৰা ধেমাজিলৈ সৰ্বত্ৰে বনজ সম্পদ, তৈল সম্পদ ধ্বংসৰ অভিযান অবাধে চলি থকাৰ লগতে গুৱাহাটীৰ মাজমজিয়াতো নতুন দিল্লীৰ দৰে বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ স্বত্তেও এই সকল নিমাতে নিতালে শুই আছে।

ৰাইজে পিছে সৰহ দিনলৈ এনে অত্যাচাৰ সহ্য নকৰিব। এদিন লাংগছৰ কেন্সাৰতবা হাপানিত মৰাতকৈ ৰাজপথত প্ৰতিবাদলৈ ওলাই আহি আৰক্ষীৰ লাঠী-টাঙোন খাই হ'লেওকিছুদিনলৈ অন্তত নিজৰ সতী-সন্তানে যাতে মুক্তভাৱে উশাহ ল'ব পাৰে, তাৰ পথ বিচাৰি যেআন্দোলনত নামিব সেয়াও নিশ্চিত। সেয়ে সময় থাকোতে বৰ বৰ শ্ল'গান দিয়া চৰকাৰে ৰাজপথৰডিভাইডাৰ ভাঙি নতুন ডিভাইৰেৰে গছ পুলি ৰোৱা গুৱাহাটী উন্নয়ন বিভাগ আৰু প্ৰদূষণনিয়ন্ত্ৰণ বিভাগে এই ক্ষেত্ৰত স্থায়ী পদক্ষেপ গ্ৰহণ কৰাতো সকলোৱে বিচাৰিছে।