অসম

পহিলা মাঘত অনুষ্ঠিত নহয় ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ ম’হযুঁজ…

asomiyapratidin

ডিজিটেল সংবাদ মৰিগাওঁঃ কোভিদ পৰিস্থিতিৰ বাবেই বাতিল কৰা হ'ল ঐতিহ্যমণ্ডি আঁহতগুৰি ম'হযুঁজ। কোভিদৰ ভয়াৱহতাৰ বাবেই এই সিদ্ধান্ত ম'হযুঁজ সমিতিৰ। উল্লেখ্য যে প্ৰতি বছৰে পহিলা মাঘত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছিল এই ম'হযুঁজখন। এইবাৰ এই ম'হযুঁজৰ আছিল সোণালী জয়ন্তী বৰ্ষ। কিন্তু কোভিদ পৰিস্থিতিৰ বাবেই বাতিল কৰিবলেৈ আয়োজক সমিতি বাধ্য হ'ল। লগতে সকলো ম'হ গুৱালক আঁহতগুৰি ম'হযুঁজ ক্ষেত্ৰলৈ ম'হ নানিবলৈ আহ্বান জনাইছে সমিতিয়ে।