অসম

আহোম সভাৰ ৬১সংখ্যক দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ লাইখুটা স্থাপন

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব লগা সদৌ অসম আহোম সভাৰ ৬১ সংখ্যক দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদ্দুৰীয়ে। উল্লেখ্য যে, ১৮৯৩ চনতে গঠিত হোৱা অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম সংগঠনটোৰ ঐতিহ্যপূৰ্ণ ডিব্ৰুগড় চহৰৰ চৌকিডিঙী খেলপথাৰত অহা ৩ জানুৱাৰী পৰা ৬ জানুৱাৰীলৈকে চাৰিদিনীয়া বিস্তৃত কাযসূচী অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি অব্যাহত আছে।

দেওবাৰে পুৱা চৌকিডিঙী খেলপথাৰত সম্পূৰ্ণ আহোম জনগোষ্ঠীয় পৰম্পৰা অনুসৰি লংপুৰীক সাক্ষী কৰি আইছিংলাও পৰিবেশনেৰে লাইখুটা স্থাপন কৰি অধিবেশন সফল হোৱাৰ বাবে ধৰ্মীয় স্তুতি কৰা হয়। মুলং চাও ধনেশ্বৰ কোৱৰ,নৱ ফুকন, মুনীন কোৱৰ আৰু প্ৰবিত্ৰ গগৈয়ে অংশ গ্ৰহণ কৰি চাওপেং অৰ্থাৎ লাইখুটা স্থাপন সম্পন্ন কৰে।

সদৌ অসম আহোম সভাৰ সভাপতি সতীশ চন্দ্ৰ গগৈৰ উপস্থিতিত তথা আদৰণি সমিতিৰ সভাপতি মহেন বুঢ়াগোহাঁই, কাযকৰী সভাপতি তৰুণ গগৈ, যুটীয়া সাধাৰণ সম্পাদক দুৰ্লভ গগৈ, হেমকান্ত দিহিঙীয়া,টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ বিষয়ববীয়া,আহোম সভাৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়-ববীয়া, আহোম সভাৰ ভাতৃ সংগঠন,টাই আহোম জনগোষ্ঠীয় স‌ংগঠন সমুহৰ বিষয়ববীয়াকে ধৰি আহোম সভাৰ কেইবাখনো জিলাৰ বিষয়-ববীয়া, স্থানীয় ৰাইজ উপস্থিত থাকে।

উল্লেখ্য যে, সমগ্ৰ অসমতে সিচৰিত হৈ থকা জ্ঞাতি বৰ্গক এখন পতাকাৰ তলত একত্ৰিত কৰা ,নতুন প্ৰজন্মক আহোমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সৈতে পৰিচয় কৰাৰ লগতে শৈক্ষিক আৰু আৰ্থ-সামাজিক দিশত বৰ্তমানৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ সক্ষম কৰি তোলা লক্ষ্যৰে ডিব্ৰুগড়ত অনুষ্ঠিত কৰা আহোম সভাৰ অধিবেশনত অসমৰ কেইবাজনো বিশিষ্ট বুদ্ধিজীৱী, লেখক, সাহিত্যিক, জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ উপস্থিতিত আলোচনা চক্ৰ, আহোম জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানৰ লগতে অন্যান্য জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান আদিৰ উপৰিও বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা, স্মৃতিগ্ৰন্থৰ লগতে কেইবাখনো গৱেষণামূলক গ্ৰন্থ উন্মোচন কৰা হ'ব।