অসম

“আত্মনিৰ্ভৰশীল অসম গঢ়িবলৈ কৃষি আৰু আনুসংগিক খণ্ডৰ বিকল্প নাই”- কৃষিমন্ত্ৰী অতুল বৰা…

asomiyapratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ "আত্মনিৰ্ভৰশীল অসম গঢ়িবলৈ হ'লে কৃষি আৰু আনুসংগিক খণ্ডৰ বিকল্প নাই। " তেজপুৰত অনুষ্ঠিত কেবিনেটত অংশ লৈ ঘূৰি অহাৰ পথত কলিয়াবৰত উপস্থিত হোৱা কৃষি মন্ত্ৰী অতুল বৰাই শনিবাৰে সাংবাদিকক এই মন্তব্য কৰে। কৃষি মন্ত্ৰী বৰাই পি এম কিষাণ আঁচনিৰ পৰা যাতে প্ৰকৃত কৃষক বঞ্চিত নহয় তাৰ প্ৰতি আমি অধিক গুৰুত্ব দিব লাগিব বুলি মন্তব্য কৰে।

ধান ক্ৰয়ৰ ক্ষেত্ৰত হোজাইৰ পাছতে কলিয়াবৰে স্থান লাভ কৰে বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয়- প্ৰধান মন্ত্ৰী ফচল যোজনা, অৰুনোদয়ৰ দৰে আঁচনি সমূহ সফল ৰূপায়নত প্ৰশাসনে গুৰুত্ব দিব লাগিব। তেওঁ লগতে কয়, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি খণ্ডত বিশেষ গুৰুত্ব দিছে। আমাৰ ৰাজ্যতো মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব দিয়াৰ বাবে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি হোৱাত সুবিধা হৈছে।

তেওঁ লগতে আৰু কয়- অসমৰ বহু যুৱক-যুৱতী কৃষি আৰু অন্যান্য খণ্ডত জড়িত হৈ পৰিছে। প্ৰধান মন্ত্ৰীয়ে আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কৈছে । তাৰ সফল ৰূপায়নত আমি গুৰুত্ব দিয়া উচিত। অনাগত দিনত অসমৰ কৃষি খণ্ডত নতুন প্ৰজন্মৰ যুৱক-যুৱতী জড়িত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

কলিয়াবৰৰ দাৰিগজিৰ বীজ পাম আৰু ৰাজ্যিক হাঁহ প্ৰজনন কেন্দ্ৰৰ উন্নয়ন ঘটোৱা হ'ব। এই শিতানত চৰকাৰে ধন ধাৰ্য কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে সাংবাদিকক অৱগত কৰে। ইয়াৰ আগেয়ে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ উপস্থিতিত বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে এক আলোচনাত মিলিত হয়।

উল্লেখ্য যে, তেজপুৰত অনুষ্ঠিত কেবিনেটৰ পৰা ঘূৰি যোৱাৰ সময়ত মুখ‍্যমন্ত্ৰীৰ নিৰ্দেশৰ বাবেই মন্ত্ৰী গৰাকীয়ে এনেদৰে কলিয়াবৰ মহকুমাৰ বিষয়া বৰ্গৰ সৈতে মিলিত হয় বুলি জানিব পৰা গৈছে।