আসন ভাগ-বতৰাক লৈ বিজেপি-অগপৰ মাজত মতানৈক্য তুংগত…

আসন ভাগ-বতৰাক লৈ বিজেপি-অগপৰ মাজত মতানৈক্য তুংগত…

author-image
asomiyapratidin
New Update
আসন ভাগ-বতৰাক লৈ বিজেপি-অগপৰ মাজত মতানৈক্য তুংগত…

ডিজিটেল ডেস্কঃ আসন ভাগ বতৰাক লৈ অংক মিলা নাই অগপ-বিজেপিৰ। দুয়োটা দলৰ মাজত অনুষ্ঠিত বৈঠকত সোমবাৰে এই বিষয়টোক লৈ যথেষ্ট মত পাৰ্থক্য হয় দুয়ো দলৰ নেতৃত্বৰ মাজত। অসম গণ পৰিষদে ৪০টা সমষ্টি বিজেপিৰ পৰা বিচাৰিছিল যদিও অসম গণ পৰিষদক বিজেপিয়ে মাত্ৰ ১০টা সমষ্টিহে দিব বিচাৰিছে।

Advertisment

আনকি বৈঠকত এক সূত্ৰই জনোৱা মতে, বৈঠকত অগপ নেতৃত্বক বিজেপিৰ এজন নেতাই ১২৬টা সমষ্টিত প্ৰাৰ্থিত্ব দিলেও নিজাকৈ তেওঁলোক কেৱল দুটামান সমষ্টিতহে জিকিব বুলি কটাক্ষ কৰা বুলিও জানিবলৈ দিছে।

অগপৰ নেতৃত্বই বিজেপিৰ এনে স্থিতিত অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে যদি বিজেপিয়ে এই আসন ভাগবতৰাত অগপক গুৰুত্ব নিদিয়ে তেন্তে মিত্ৰতা বিষয়টো পুনৰ বিবেচনা কৰা বুলিও ইংগিত প্ৰদান কৰিছে।

এই বৈঠকৰ পিছতে আন এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অতুল বৰা । ফোন যোগে কেইবাগৰাকীও অগপ নেতাক মাতি আলোচনা কৰে অগপ সভাপতি গৰাকীয়ে । জয়শ্ৰী মহন্তকো অতুল বৰাই ফোন যোগে মাতি আনে বাসগৃহলৈ । কমলা কলিতা, পবিন হাজৰিকা,বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য উপস্থিত আছিল বৈঠকত ।