অসম

ৰোগীক ঘন্টাজুৰি চিটি স্কেন মেচিনত সুমুৱাই মহানগৰীৰ ব্যক্তিগত হাস্পতালত নোহোৱা হ’ল সুৰাসক্ত অপাৰেটৰ, কোনোমতেহে ৰক্ষা পৰিল এজনৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ ব্যক্তিগত হাস্পতালত ৰোগীৰ জীৱনক লৈ খেলা। চিটি স্কেন মেচিনত ৰোগীক সুমুৱাই নোহোৱা হ'ল অপাৰেটৰ। যাৰ বাবে কোনো মতেহে প্ৰাণ ৰক্ষা পৰে চিতেশ্বৰ বৰুৱা নামৰ ৰোগীগৰাকীৰ। মহানগৰীৰ এজাইল হাস্পতালত সংঘটিত এই ভয়ংকৰ ঘটনাৰ পিছতে একাংশ ব্যক্তিগত হাস্পতালত ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ তথ্য পুনৰবাৰ পোহৰলৈ আহিছে।

চিটি স্কেন মেচিনৰ অপাৰেটৰগৰাকী সুৰাসক্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে। পুত্ৰৰ তৎপৰতাতহে চিটীস্কেন মেচিনৰ পৰা উদ্ধাৰ কৰা হয় বিশ্বনাথ চাৰিআলিৰ ৰোগীগৰাকীক। ইফালে ঘটনাৰ পাছতে বশিষ্ট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

ঘটনাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। জনৈক দাস উপাধিৰ কৰ্মচাৰীগৰাকীয়ে এনেদৰে সুৰাত মগ্ন হৈ ৰোগীৰ জীৱনক লৈ কেনেদৰে খেলিবলৈ পালে তাক লৈ সৃষ্টি হৈছে না না প্ৰশ্নৰ। যিকোনো ৰোগীৰে পৰা অত্যাধিক হাৰত ধন লৈ সুন্দৰভাবে চিকিৎসা আগবঢ়োৱাৰ পৰিৱৰ্তে এনেদৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলা এইসকল চিকিৎসা বৃত্তিত জড়িত মানুহৰূপী পশুক কোনে নাকী লগাব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।