অসম

বাক্সাৰ শালবাৰীত বাইক-ইয়’ন গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ

asomiyapratidin

ডিডিটেল সংবাদ, শালবাৰীঃ দেওবাৰে সন্ধিয়া বাক্সাৰ শালবাৰীত সংঘটিত হয় এক পথ দুৰ্ঘটনা৷ শালবাৰীৰ সাউদৰভিঠা-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ হৰিপুৰত সংঘটিত হয় এই দুৰ্ঘটনাটো৷

এএছ-১৫এল ৭৫৯৭ নম্বৰৰ বাইক আৰু এএছ ০১বি ৬৩৩৬ নম্বৰৰ এখন ইয়'ন গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হোবাৰ ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। আহত বাইক আৰোহীজন হাটখোলাৰ বিক্ৰম ৰয়(২০) বুলি জানিব পৰা গৈছে। স্থানীয় লোকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে আহত যুৱকজনক৷