- ভোগালীৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।
- নুমলীগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰঘাটত সংঘটিত হয় এই দুৰ্ঘটনা।
- এখন আল্ট্ৰা বাছে মহতিয়াই নিয়ে স্কুটী আৰোহীক।
- দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ এএছ০৩-বিচি-৪৩৬৬।
- আনহাতে দুৰ্ঘটনাত পতিত হোৱা স্কুটীখনৰ নম্বৰ হৈছে এএছ০৫-এল-৮৫০৭।
- দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহী দুজন।
- নিহত লোক দুজনৰ নাম কৃষ্ণ ৰাম ছেত্ৰী আৰু ৰামেশ্বৰ শইকীয়া বুলি জানিব পৰা গৈছে।
- নিহত দুয়োজন লোক নুমলীগড়ৰ কাষৰীয়া পাৰঘাট তৰুন নগৰৰ বাসিন্দা।
- ইতিমধ্যে ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ আল্ট্ৰা বাছখন জব্দ কৰিছে।