অসম

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ কনভয় পথত আজি সন্ধিয়া এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ডিব্ৰুগড়ৰ 'লিটল প্লেছ' নামৰ বিলাসী হোটেলখনৰ স্বতাধিকাৰীগৰাকীৰ গাড়ীৰ খুন্দাত এগৰাকী মহিলাসহ এটি শিশু গুৰতৰভাৱে আহত হোৱাৰ পিছতে স্থানীয় ৰাইজ তথা একাংশ চাহ শ্ৰমিকে পথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে।

যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে জনোৱা মতে গাড়ীৰ খুন্দাত অংকিত কোঁৱৰ নামৰ এটি শিশু আৰু সুনীতা মাদ্ৰাজী নামৰ মহিলাগৰাকী গুৰুতৰভাৱে আহত হোৱাত সংকটজনক অৱস্থাত স্থানীয় এখন নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়।

এই ঘটনাৰ পিছত স্থানীয় ৰাইজে বহু সময় ধৰি ডিব্ৰু কলেজৰ সমীপৰ কনভয় পথত পথ অৱৰোধ কৰি ৰাখে। গাড়ীখনৰ চালকৰ ভুলৰ বাবেই উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ তুলিছে ক্ষুব্ধ ৰাইজে।