অসম

৩ কৃৰ্তীমানক অভিনন্দন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱে বুধবাৰে সন্ধিয়া ২০১৯ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান দখল কৰা ডিব্ৰুগড়ৰৰ দুগৰাকী আৰু মৰাণৰ এগৰাকী স্থানপ্ৰাপ্ত ছাত্র-ছাত্ৰীক অভিনন্দন জনায়। ৰাজ্যৰ ভিতৰত ডিব্ৰুগড়ৰ ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ পঞ্চম স্থান দখল কৰা লবজ্যোতি দাস, মৰাণৰ ছেইণ্ট যোছেফ স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ নবম স্থান দখল কৰা অশ্চিতা দুৱাৰা আৰু বি এল বেৰীয়া সৰস্বতী শিশু মন্দিৰৰ পৰা দশম স্থান দখল কৰা অণিৰ্বান দত্তক ক্লাবত সম্বৰ্ধনা জ্ঞাপন কৰে।

ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁতধৰা এক চমু অনুষ্ঠানত ক্লাবৰ তৰফৰ পৰা ফুলাম গামোচা আৰু জাপি আদিৰে অভিনন্দন জ্ঞাপন কৰে। ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক সুৰজ দত্ত, প্ৰতিষ্ঠাপক সদস্য তথা জ্যেষ্ঠ সাংবাদিক চন্দন ফুকন আৰু জ্যেষ্ঠ সাংবাদিক দেৱজিৎ চুতীয়াই অংশ গ্ৰহণ কৰে এই অনুষ্ঠানত।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰিপুঞ্জয় দাস, থমাছ বুঢ়াগোহাঁই, প্ৰবীণ দাস, স্বপ্নশ্ৰী গোস্বামীকে ধৰি কৃৰ্তী ছাত্র-ছাত্ৰী সকলৰ অভিভাৱক সকল উপস্থিত থাকে। আনহাতে প্ৰেছ ক্লাবতে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ হৈ জিলা সভাপতি প্ৰণৱজ্যোতি শইকীয়া উপস্থিত থাকি অভিনন্দন জনাই মেধাৱী শিক্ষাৰ্থী কেইগৰাকীক। অনুষ্ঠানত কেইবাজনো বিশিষ্ট শিক্ষক উপস্থিত থাকে।