অসম

মৰ্গৰ ভিতৰতেই জী উঠিল চিকিৎসকে মৃত ঘোষণা কৰা ছাত্ৰ

asomiyapratidin

ডিজিটেল সংবাদ, অভয়াপুৰীঃ বঙাইগাঁৱত সংঘটিত হৈছে এক আজৱ কাণ্ড৷ বঙাইগাঁৱৰ চৰকাৰী চিকিৎসকে মৃত ঘোষণা কৰা এজন ছাত্ৰ মৰ্গতেই লৰচৰ কৰাক লৈ সৃষ্টি হয় চাঞ্চল্যৰ৷

উল্লেখ্য যে, বীৰঝৰা মহাবিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰ বৃহস্পতিবাৰৰ আবেলি ট্ৰেক্টৰৰ খুন্দাত উত্তৰ বঙাইগাঁৱত গুৰুতৰভাৱে আহত হৈছিল৷ দুৰ্ঘটনা সংঘটিত হোৱাৰপাছতেই  বঙাইগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱাত চিকিৎসকে মৃত ঘোষণা কৰি মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছিল৷ কিন্তু কিছু সময় পিছতে ছাত্ৰজনে লৰচৰ কৰে।

পিছত মৰ্গৰ পৰা উলিয়াই উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ছাত্ৰজনৰ নাম জোন বৰ্মন৷ ইপিনে জীৱিত অৱস্থাতে চৰকাৰী চিকিৎসকে মৃত ঘোষণা কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইফালে পৰিয়ালে ল'ৰাজনক জীৱিত বুলি দাবী কৰি বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কিছু সময় পিছতে শেষ নিশ্বাস ত্যাগ কৰে৷ স্বাভাৱিকতে চিকিৎসকে মৃত ঘোষণা কৰি মৰ্গত ৰখাৰ পিছত পৰিয়ালৰ লোকে জীৱিত বুলি দাবী কৰি আন চিকিৎসালয়ত ভৰ্তি কৰোৱা ঘটনাই চৰকাৰী চিকিৎসা সেৱাৰ পয়ালগা অৱস্থাকেই উদঙাই দিছে৷