অসম

ফেচবুকত ‘পাকিস্থান জিন্দাবাদ’ পোষ্ট দি আৰক্ষীৰ জালত অভয়াপুৰীৰ ছাত্ৰ… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ 'পাকিস্তান জিন্দাবাদ' ধ্বনি দি মঙলবাৰে অভয়াপুৰী আৰক্ষীৰ জালত পৰিল এজন ছাত্ৰ। অভয়াপুৰী আৰক্ষীয়ে আটক কৰা ছাত্ৰজনৰ নাম ৰাহুল। ছ'চিয়েল মিডিয়াত অৰ্থাৎ ফেচবুকত 'পাকিস্থান জিন্দাবাদ' বুলি আপলোড কৰিছিল ছাত্ৰজনে।

উল্লেখ্য যে, মঙলবাৰে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত অভয়াপুৰীৰ ৰাহুল নামৰ ছাত্ৰজনে ফেচবুকত 'পাকিস্তান জিন্দাবাদ' পোষ্ট দিয়াৰ খবৰ প্ৰকাশ পাইছিল। পাকিস্থানৰ সন্ত্ৰাসবাদক সমৰ্থন কৰি এইদৰে ৰাহুল আৰু জিন্টু খান নামৰ দুজন ছাত্ৰই ফেচবুকত কৰিছিল বিভিন্ন পোষ্ট৷ তাৰপাছতেই অভয়াপুৰী আৰক্ষীয়ে আটক কৰে ৰাহুল নামৰ ছাত্ৰজনক।