অসম

ফেচবুকত ‘পাকিস্থান জিন্দাবাদ’ ধ্বনি দি বিপদত অভয়াপুৰীৰ ছাত্ৰ

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাওঁঃ ৰাজ্যত অব্যাহত আছে একাংশৰ ভাৰত বিৰোধী কাৰ্যকলাপ৷ লিডু, বাসুগাঁৱৰ পিছত এইবাৰ অভয়াপুৰীত সংঘটিত হৈছে এই ঘটনা৷

অভয়াপুৰীৰ ৰাহুল নামৰ এজন ছাত্ৰই ফেচবুকত পোষ্ট কৰিছে 'পাকিস্থান জিন্দাবাদ' ধ্বনি৷ পাকিস্তানৰ সন্ত্ৰাসবাদক সমৰ্থন কৰি এইদৰে ৰাহুল আৰু জিন্টু খান নামৰ দুজন ছাত্ৰই ফেচবুকত কৰিছে বিভিন্ন পোষ্ট৷

পুলৱামাত সন্ত্ৰাসবাদীয়ে ভাৰতৰ চিআৰপিএফৰ ওপৰত আক্ৰমণ চলোৱাৰ বাবে শ্বহীদ হ'ল বহুকেইজন চিআৰপিএফ জোৱান। তাৰ পিছতে ফেচবুকত ভাৰতীয় সেনাক লৈ বিভিন্ন মন্তব্য কৰাৰ বাবে ৰঙাঘৰত সোমাইছে বহুকেইজন লোক। তেনে সময়তে ছাত্ৰ দুজনে কৰা এনে মন্তব্যই বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে তেওঁলোকক গ্ৰেপ্তাৰৰ দাবী তুলিছে বিভিন্ন লোকে৷