অসম

শালকোছাৰ চাপৰত ভূঁৰ সাজি উটুৱাই দিলে সৰ্প দংশনত মৃত্যু হোৱা ছাত্ৰৰ মৃতদেহ

asomiyapratidin

ডিজিটেল সংবাদ, অভয়াপুৰীঃ একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ দিনতো যেন অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত আমাৰ সমাজ৷ বিজ্ঞানৰ চমকপ্ৰদ আৱিষ্কাৰৰ পিছত একাংশ গাঁৱত এতিয়াও শিপাই আছে অন্ধবিশ্বাস৷ তাৰেই এক  জলন্ত প্ৰমাণ চাপৰৰ শালকোছা গাঁও৷ এই শালকোছা গাঁৱত যোৱা ৪ ছেপ্তেম্বৰত সৰ্প দংশনত মৃত্যু হৈছিল বিশ্বজিৎ বৰ্মন নামৰ এজন ছাত্ৰৰ৷

চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ বিশ্বজিতক প্ৰথমে কবিৰাজী চিকিৎসা কৰোৱাই পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে৷ কিন্তু কোনো সুফল নোপোৱাত ছাত্ৰজনক বঙাইগাঁৱৰ ল'ৱাৰ আছাম হাস্পতালত ভৰ্তি কৰায় যদিও, চিকিৎসকে মৃত ঘোষণা কৰে৷

ছাত্ৰজনৰ মৃতদেহ চিকিৎসালয়ৰ পৰা ঘৰলৈ ঘূৰাই আনি অন্ধবিশ্বাসী ৰাইজে পুনৰ বেজ, কৱিৰাজৰ দ্বাৰা চিকিৎসা অব্যাহত ৰাখে৷ তাৰপিছত কোনো ফল নধৰাত শুকুৰবাৰে আবেলি ল'ৰাজন জীয়াই উঠাৰ আশাত এখন ভূৰ ফুলেৰে সজ্জিত কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে বিশ্বজিতৰ মৃতদেহ৷ এই ঘটনাই সমগ্ৰ চাপৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

বিজ্ঞানৰ যুগতো উপযুক্ত চিকিৎসা নকৰাই এইদৰে জৰা-ফুকাত বিশ্বাস কৰাৰ ঘটনাই এতিয়াও যে একাংশ গাঁও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসে আঁৱৰি আছে সেয়াই প্ৰমাণ কৰিছে।