অসম

দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাই হাই মাদ্ৰাছাত দ্বিতীয় স্থানত দৰঙৰ আব্দুল আজিজ

asomiyapratidin

ডিজিটেল সংবাদ, আন্ধেৰীঘাটঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমান্তৰালকৈ বুধবাৰে ঘোষণা হ'ল হাই মাদ্ৰাছাৰ ফলাফল। দৰঙক গৌৰৱাম্বিত কৰি বুধবাৰে ঘোষিত হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় আব্দুল আজিজে।স্বাভাৱিকতে আব্দুল আজিজৰ এই কৃতিত্বক লৈ উৎফুল্লিত হৈ পৰিছে শিক্ষক, অভিভাবক আৰু ছাত্ৰ-ছাত্ৰীসকল।

পিপৰাকুছি আঞ্চলিক হাই মাদ্ৰাছাৰ পৰা অৱতীৰ্ণ ছাত্ৰ গৰাকীয়ে সৰ্বমুঠ ৫৫৩ নম্বৰ লাভ কৰে। দৈনিক ৮ৰ পৰা ৯ ঘণ্টাকৈ অধ্যয়ন কৰা ছাত্ৰগৰাকীৰ নাছিল কোনো ঘৰুৱা শিক্ষক। ভবিষ্যতে চিকিৎসক হোৱাৰ ইচ্ছা পুহি ৰখা আজিজে আজৰি সময়ত ছবি আঁকি সময় অতিবাহিত কৰে।

ইফালে মেধাবী কৃতি ছাত্ৰগৰাকীয়ে হাই মাদ্ৰাছা পৰীক্ষাত স্থান লাভ কৰিব বুলি নিশ্চিত আছিল বুলি মন্তব্য কৰে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল নিয়াৰ লগতে আব্দুলক শিক্ষাৰ দিশেৰে আগুৱাই নিয়া পিতৃ আৰমান আলী আৰু মাতৃ ওৱাহিদা বেগমৰ লগতে আব্দুলৰ এই সাফল্যত সমগ্ৰ অঞ্চলত এতিয়া আনন্দৰ জোৱাৰ উঠিছে।