অসম

ওদালগুৰিত এবিএমছুৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ বুধবাৰে ওদালগুৰি জিলা সদৰত সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থাই ৩ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। শেহতীয়াভাৱে এন আৰ চি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ৫টা গুৰুত্বপূৰ্ণ নথি প্ৰত্যাহাৰৰ দাবীত শপতনামা প্ৰত্যাহাৰৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দাখিল কৰা শপতনামাখন প্ৰত্যাহাৰৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।

লগতে প্ৰকৃত ভাৰতীয় নাগৰিকক এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ দাবীত ছাত্ৰ সন্থাটোৱে এই ধৰ্মঘট কাৰ্যসূচী পালন কৰে। সংগঠনটোৰ কৰ্মকৰ্তাসকলে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে ৰাইজ তথা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা চলায়৷ তাৰপিছত উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷