অসম

আটছা নেতা অৰুণ কুৰ্মীৰ মৃত্যুত শোক…

asomiyapratidin

ডিজিটেল সংবাদ, মৰাণঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ মাহমৰা শাখা সমিতিৰ সভাপতি, যোৰহাট ঘোঁৰাজান চাহবাগিচাৰ সহকাৰী পৰিচালক তথা চৰাইদেউ জিলা মাহমৰা সমষ্টি অন্তৰ্গত মৰাণ হিংৰীজান চাহ বাগিচাৰ নিবাসী অৰুণ কুৰ্মী(৩১) দেওবাৰে পুৱা ৪ বজাত ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু হয়।

মৃত্যু সময়ত ছাত্ৰ নেতাজনে পিতৃ-মাতৃৰ লগতে দুজনী ভগ্নীক ইহঃ সংসাৰত এৰি থৈ যায়।অৰুণ কুৰ্মীৰ অকাল মৃত্যুত আটছা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন কুমাৰ আৰু সম্পাদক পৱন বেদীয়াৰ লগতে মৰাণৰ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।

তেওঁৰ মৃত্যুত মাহমৰা আৰু মৰাণ সমষ্টি বিধায়কদ্বয় ক্ৰমে যোগেন মহন আৰু চক্ৰধৰ গগৈয়েও গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গ সমবেদনা জ্ঞাপন কৰিছে।

আটছা নেতাগৰাকীৰ মৃতদেহটো ডিব্ৰুগড়ৰ পৰা মৰাণ হিংৰীজান চাহ বাগিচাতস্থিত নিজা বাসগৃহত অনাৰ পাছত এক শোকৰ বন্যা বয়। মৃতদেহটো লৈ বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে এক সমদল যাত্ৰা বাহিৰ কৰে।

উল্লেখ্য যে, আটছাৰ হৈ দীৰ্ঘদিন জনগোষ্ঠীটোৰ উন্নয়নত মনোনিবেশ কৰা অৰুণ কুৰ্মী মৰাণ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি আছিল।

হিংৰীজান প্ৰাথমিক বিদ্যালয়ৰৰ পৰিচালনা সমিতি সভাপতি দায়িত্বও সুচাৰূপে পালন কৰি আছিল ছাত্ৰ নেতাজনে। হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি মৰাণ হিংৰীজান দিৰৈঘাট ৰাজহুৱা শ্মশানত শেষকৃৰ্ত সমাপন কৰে।