অসম

জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি আহ্বান জনায় জোঁৰ সমদল কাৰ্যসূচী। আছুৰ এই আহ্বান মৰ্মে ওদালগুৰি জিলা ছাত্ৰ সন্থায়ো আজি ওদালগুৰি চহৰত এক বিশাল জোঁৰ সমদল কাৰ্যসূচী বাহিৰ কৰে। জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত কেইবাটাও আঞ্চলিক সমিতিৰ প্ৰায় দুই শতাধিক ছাত্ৰকৰ্মীয়ে হাতে হাতে জোঁৰ লৈ "বিজেপি গ'বেক, সৰ্বানন্দ সোনোৱাল হায় হায়, অসম চৰকাৰ লেই-লেই চেই-চেই, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোদী-অমিত শ্বাহ হুচিয়াৰ, অসমত হিন্দু ৰাজনীতি নচলিব" ইত্যাদি শ্লোগান প্ৰদানেৰে সমদলটি উত্তপ্ত কৰি তোলে।

সমদলত অংশ গ্ৰহণ কৰি আছুৰ ৰাজ্যিক কাৰ্য নিৰ্বাহক সদস্য বিতোপন দাসে কয় যে এই জাতিধ্বংসী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহব। যিকোনো মূল্যৰ বিনিময়ত ইয়াক প্ৰতিহত কৰিবলৈ আছু বদ্ধ পৰিকৰ। জাতীয় নায়কৰ উপাধি লাভ কৰা সৰ্বানন্দ সোনোৱালে এই বিধেয়কখন বাতিলৰ দ্বাৰা জাতিটোক ৰক্ষা কৰি সাহস দেখুৱাওঁক।

যদিহে সোণোৱালৰ সৎ সাহস আছে তেন্তে তেখেতেওঁ অসমীয়া জাতিধ্বংসী বিধেয়কখনৰ বিপক্ষে মাত দিয়ক। ইফালে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্চল পাটোৱাৰীয়ে সমদলত অংশগ্ৰহণ কৰি বিধেয়কখন বাতিলৰ দাবী জনায়।

তেওঁ কয় যে এনআৰচি সম্বন্ধে কেন্দ্ৰীয় চৰকাৰখনে ঘোষণা কৰা ১৯৫১ চনৰ ভিত্তিবৰ্ষক আছুৱে কেতিয়াও মানি নলয়। ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে ল'লে ৮৫৫ গৰাকী শ্বহীদৰ কেচা তেজৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তিক অমান্য কৰা হব। যিটো আছুৱে কেতিয়াও সহ্য নকৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত ওদালগুৰি জিলা আছুৰ ভাঃ সাধাৰণ সম্পাদক বিপুল লহকৰ, জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সোমৰাজ সোনাৰ, চাওতালী ছাত্ৰ সন্থাৰ সভাপতি ছুনিৰাম হেমব্ৰমৰ লগতে কেইবাটাও জাতীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।