অসম

মই দুলীয়াজান অধিবেশনত আছুৰ পৰা অৱসৰ ল’মঃ ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ আছুৰ পৰা অৱসৰ ল'ব ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। দেওবাৰে খোদ এই কথা সদৰী কৰিলে আছুৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। বিগত বহু দিন ধৰি অসুস্থ হৈ থকাৰ বাবে ঘৰতে চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য। গুৱাহাটী ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত হৈ এই বিষয়া সাংবাদিকৰ আগতে জনালে তেওঁ।

সমুজ্জল কুমাৰ ভট্টাচাৰ্যই লগতে সাংবাদিকৰ আগত কয়- সদৌ অসম ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্বা। সদৌ অসম ছাত্ৰ সন্থা মানে এক অবিৰত সংগ্ৰামী যাত্ৰা। সেয়েহে ৰাইজে বিচাৰে যে আছু সদায় অৰাজনৈতিক হৈ থাকিব লাগে। আছুৱে অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব লাগে।

'মই সদৌ অসম ছাত্ৰ সন্থাৰ জ্যেষ্ঠ বিষয়ববীয়া। গতিকে জ্যেষ্ঠ বিষয়ববীয়া হিচাপে মই নীলকন্ঠ হৈ সকলোকে একেলগে লৈ আগবাঢ়ি আছো আৰু আগন্তুক দিনতো সকলোকে একেলগে লৈ মই আগবাঢ়ি যাম। আছুৰ লাখ লাখ সদস্যসকলক মই ক'ব খোজো যে মোৰ শৰীৰত শেষ নিশ্বাস থকা লৈকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মই সেৱা আগবঢ়াই যাম।… মৰাণ অধিবেশনতো কৈছো যে আছুৰ পৰা মই অৱসৰ ল'ম। দুলীয়াজান অধিবেশনত মই অৱসৰ ল'ম।'- বুলিও সাংবাদিকৰ আগত স্পষ্টকৈ ক'লে ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য।