অসম

'কা' বাতিলৰ দাবীত আছুৰ ৰাজ্যজুৰি প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল ডেস্ক : 'কা' বাতিলৰ দাবীত ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলিছে প্ৰতিবাদী কাৰ্যসূচী। আছুৱে দেওবাৰে জিলাই জিলাই আৰম্ভ কৰিছে অনশন কাৰ্যসূচী।

অসমত 'কা' বলৱতৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী প্ৰতিবাদকাৰীসকলৰ। দেওবাৰে গুৱাহাটী,নলবাৰী, তিনিচুকীয়া, চৰাইদেউ, সোণাৰি, ডিব্ৰুগড়, গোলাঘাট আদিকে ধৰি কেইবাঠাইত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

বিভিন্ন প্ৰান্তত উপস্থিত আছে ছাত্ৰ সন্থাৰ ভালেকেইগৰাকী নেতা। তেওঁলোকৰ নেতৃত্বতে প্ৰতিবাদকাৰীসকলে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছে। সোণাৰিত 'কা' বাতিলৰ দাবীত ১২ ঘণ্টীয়া অনশন কৰিছে আছুৱে।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত পুৱা ৬-০০ বজাৰ পৰা আৰম্ভ হৈছে অনশন কাৰ্যসূচী। অগণতান্ত্ৰিক আইন বুলি উল্লেখ কৰি আছুৱে এই আইনখন শীঘ্ৰেই বাতিল নকৰাপৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে।

উল্লেখ কৰা প্ৰয়োজন যে 'কা' সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজি এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। "এতিয়া 'কা' আন্দোলন কৰি লাভ নাই। ইতিমধ্যে ৰাজ্যসভা-লোকসভাত পাছ হ'ল বিলখন। আন্দোলন হ'ব লাগিছিল আইন পাছ হোৱাৰ সময়ত। এতিয়া কি লাভ" বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।