অসম

ধেমাজি নগৰ সমিতিৰ অনিয়মৰ তদন্ত বিচাৰি আছুৰ প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে ধেমাজি আছুৱে ধেমাজি সদৰ থানাৰ সমীপৰ তিনিআলিস্থিত আছুৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷

ধেমাজি নগৰ সমিতিত চলি থকা দুৰ্নীতি বন্ধ কৰা, ধেমাজি নগৰ আৱৰ্জনামুক্ত কৰা, নগৰখনৰ উন্মুক্ত নলাসমূহ নিৰ্মাণ কৰাৰ লগতে বিজুলী যোগান নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰসন্থাৰ শতাধিক কৰ্মীয়ে৷

নগৰখনৰ উন্নয়নৰ বাবে পুঁজি আৱন্টন হৈছে যদিও সদব্যৱহাৰ নকৰাৰো অভিযোগ তোলে সংগঠনটোৱে। এইক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈকো দাবী জনাই ধেমাজি জিলা ছাত্ৰসন্থাই।