অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সৰুপথাৰত আছুৰ চাইকেল ৰেলী

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ বিতৰ্কিত নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈ আছে। মঙলবাৰে কেবৰ বিৰোধিতাৰে সৰুপথাৰত সদৌ অসম ছাত্ৰ সন্থাই চাইকেল ৰেলী কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

সৰুপথাৰ নগৰৰ মাজেৰে প্ৰতিবাদকাৰীসকলে চাইকেল ৰেলী কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি গ' বেক আদি চৰকাৰ বিৰোধী শ্ল'গান দি সৰুপথাৰ নগৰ উত্তাল কৰি তোলে। অসমত খিলঞ্জীয়া লোকৰ স্বাৰ্থত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও গৃহীত হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।