অসম

আছুৰ সভাপতিয়ে ক’লেঃ ফেব্ৰুৱাৰীৰ পাছতেই হ’ব পাৰে বিকল্প ৰাজনৈতিক দল… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাই ভোগালী বিহু উপলক্ষে মেজিৰ জুই ৰাজ্যবাসীয়ে দাহ কৰে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি। এই আইনখনৰ প্ৰতিলিপি দাহৰ লগতে সকলোৱে অগ্নি দেৱতাক সেৱা জনাই ৰাজ্যত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ বাবে প্ৰাৰ্থনা জনায়।

ইফালে, বুধবাৰে বিহুৰ দিনটোতে গোৱালপাৰাত আছুৰ সভাপতি দিপাংকৰ নাথে ভোগালী বিহুৰ এক কাৰ্যসূচীত অংশ লৈ কয় যে- 'দিল্লীয়ে অসমৰ খিলঞ্জীয়া ৰাইজক প্ৰতাৰণা কৰিছে। ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ দিবলৈ অসমত নতুন ৰাজনৈতিক দলৰ প্ৰয়োজন আছে। অবৈদ বিদেশীৰ বোজা জাপি দি জাতিটোক শেষ কৰিব বিচাৰিছে। অসমে কেতিয়াও অবৈধ বিদেশীৰ বোজা মানি নলয়।'

'ভৱিষ্যতে আমি বিকল্প শক্তি লৈ আগবাঢ়িব লাগিব। বিকল্প শক্তি কি হ'ব সেয়া ৰাইজে সিদ্ধান্ত ল'ব। অহা ফেব্ৰুৱাৰী মাহৰ পাছতেই এই প্ৰক্ৰিয়া জোৰদাৰ গতিত আগবঢ়াই নিব লাগিব'- এই মন্তব্যও কৰে আছুৰ সভাপতিগৰাকীয়ে।