অসম

শিমলুগুৰি আছুৰ কৃতি শিক্ষাৰ্থীক অভিনন্দন, আর্থিকভাৱে দৰিদ্ৰ ছাত্র-ছাত্ৰীক পঢ়াত সহায়ৰ হাত আছুৰ

asomiyapratidin

ডিজিটেল সংবাদ, শিমলুগুৰি: যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী আঞ্চলিক শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠানটি শনিবাৰে ভগামুখ মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক কংকুল বৰুৱাই।

শিমলুগুৰি মৌজা আছুৰ উপদেষ্টা যদুমণি বৰুৱাই আঁত ধৰা অনুস্থানটিত মুখ্য অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই বক্তব্যত মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক জীৱনত সফলতাৰে আগবাঢ়ি যোৱাৰ লগতে নিজ অঞ্চল, সমাজ, ৰাজ্যৰ প্ৰতি দায়িত্ব প্ৰকাশ কৰি আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়ায়।

সভাত উপস্থিত থাকে ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমোদ দুৱৰা, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ অসমীয়া বিভাগৰ অধ্যাপিকা চিত্রা দুৱৰা, খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী দিপালি বৰঠাকুৰ, শিমলুগুৰি মৌজা শিক্ষাকোষৰ সভাপতি অৰুণজ্যোতি গগৈ, ভগামুখ আদৰ্শ বিদ্যামন্দিৰৰ অধ্যক্ষ ললিত শৰ্মা, যোৰহাটৰ যুৱ ব্যৱসায়ী গৌতম ঘোষ, ভগামুখ প্ৰেছ ক্লাবৰ সভাপতি গকুল বৰা, ৰেঙনি এটি আশাৰ সঞ্চালক বিজু শৰ্মা, টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞা, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অবিনাশ বৰা, দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

লগতে উপস্থিত থাকে টীয়ক আছুৰ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, সহ সম্পাদক দীপাংকৰ বেজবৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ সদস্য ইছফাক আলি আহমেদ। উল্লেখ্য যে, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্ভুক্ত বিদ্যালয়, মহাবিদ্যালয়ৰ প্ৰায় ১৪৫ কৃতি ছাত্ৰ ছাত্ৰীক আছুৱে অভিনন্দন জ্ঞাপন কৰে।

শিমলুগুৰি মৌজা আছুৰ সভাপতি দেৱব্ৰত শইকীয়াই মৌজাৰ অন্তৰ্গত দৰিদ্ৰ মেধাসম্পন্ন ছাত্ৰ ক্ৰমে বিপ্লৱ বৰগোঁহাই, নিলাক্ষী আৰান্ধৰা, পল্লৱী ভৰালীক শিক্ষা গ্ৰহণত সহযোগিতা আগবঢ়াব বুলি বক্তব্যত প্ৰকাশ কৰে।