অসম

দিল্লীত আছু-নেছৰ প্ৰতিনিধি দলৰ সমাজবাদী পাৰ্টিৰ সাংসদ জাভেদ আলী খানক সাক্ষাৎ

asomiyapratidin

ডিজিটেল ডেস্কঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দেশৰ বিৰোধী দল সমূহক সাক্ষাতৰ উদ্দেশ্য দেওবাৰে দিল্লীলৈ যোৱা আছু আৰু নেছৰ প্ৰতিনিধি দলটোৱে সোমবাৰে বিয়লি ভাগলৈ সাক্ষাৎ কৰে সমাজবাদী পাৰ্টিৰ সাংসদ জাভেদ আলী খানক। আগন্তুক ৰাজ্যসভাত নাগৰিকত্ব বিধেয়কখন বিৰোধ কৰাৰ বাবে আছু, নেছৰ প্ৰতিনিধিসকলে জনোৱা আহ্বানক সহাঁৰি জনায় সাংসদ গৰাকীয়ে। সমাজবাদী পাৰ্টিৰ সাংসদ গৰাকীয়ে বিধেয়কখন বিৰোধিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে বুলিও সংবাদ মাধ্যমক জনায় প্ৰতিনিধি দলটোৱে।