অসম

আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু

asomiyapratidin

ডিজিটেল ডেস্কঃ 'কা' বিৰোধী আন্দোলনৰ অংশস্বৰূপে গুৱাহাটীলৈ আহি মেধা পাটকাৰ আৰু সন্দীপ পাণ্ডেয়ে আছুৰ প্ৰসংগত কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। তেওঁলোকে আছু প্ৰসংগত কৰা বক্তব্যক টুলুঙা, অসত্য দায়িত্বজ্ঞানহীন আৰু প্ৰৰোচনামূলক বুলি মন্তব্য কৰিছে সংগঠনটোৱে। আছুৰ সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়, অসমৰ বাহিৰৰ মানুহে অসমক যে ভালদৰে বুজি নাপায়। তেওঁলোকৰ বক্তব্যই অসম সম্পৰ্কে তেওঁলোকৰ যে সম্যক জ্ঞান নাই সেই কথাকে প্ৰমাণ কৰিলে।

লগতে কয়, মেগাছেছে বঁটা প্ৰাপক সন্দীপ পাণ্ডেৰ লগতে মেধা পাটকাৰে ইমান যে মিছা কথা ক'ব পাৰে সেই কথা অসমৰ মানুহে ভবা নাছিল। আছুৱে লগতে কয় যে, তেওঁলোক দুয়োগৰাকীয়ে হয়তো নাজানে প্ৰথমে কেব বিৰোধী আন্দোলন আৰু পিছলৈ কা বিৰোধী আন্দোলন প্ৰথমে উত্তৰ পূৰ্বাঞ্চলতে আৰম্ভ হৈছিল। তাৰ পাছত দেশৰ আন আন ঠাইলৈ সম্প্ৰসাৰিত হৈছিল। তেতিয়া এই দুগৰাকী ব্যক্তি সাৰেই পোৱা নাছিল।

আছুৰ সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে লগতে কয়, চৰকাৰৰ মতে আন্দোলন চলোৱা বুলি কৈ দুয়োগৰাকীয়ে শ্বহীদক অপমান কৰিছে। ছাত্ৰ সন্থাই কা বিৰোধী আন্দোলন অহিংস আৰু শৃংখলাবদ্ধভাৱে আগুৱাই নিবলৈ সন্ধিয়া ৫ বজাৰ পৰা ৭ টা দিনৰ বাবে সাময়িকভাৱে আন্দোলন স্থগিত ৰাখিছিল। সিদ্ধান্ততো অসমৰ ৰাইজে আদৰি লৈছিল। ৭ গিনৰ পিছত ছাত্ৰ সন্থা আৰু ৰাইজে খেলপথাৰ, ৰাজপথ সকলোতে সমানে প্ৰতিবাদ কৰিছে। দুয়োগৰাকীয়ে বিশৃংখল আৰু হিংসাত্মক আন্দোলন কৰিব পাৰে। ছাত্ৰ সন্থা আৰু অসম, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে নকৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দুয়োগৰাকীৰ মন্তব্যৰ গৰিহণা দি কয়, সদৌ অসম ছাত্ৰ সন্থাৰ অভিভাৱক হ'ল অসমৰ জনসাধাৰণ। পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ'বও নোৱাৰে। অসম প্ৰেমৰ প্ৰমাণপত্ৰ টুলুঙা মন্তব্য দিয়া দুয়োগৰাকী ব্যক্তিৰ পৰা প্ৰয়োজন নাই।