অসম

‘ৰাইজ আজি ৰাজপথত সৰ্বা তোমাৰ লাজ নাই’, সৰুপথাৰত আছুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমা ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সৰুপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শনিবাৰে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়। সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা সৰুপথাৰ নগৰৰ মাজ মজিয়ালৈ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে "জাতিধংসী কেব আমি নামানো", "অসমীয়া ভাষা সংস্কৃতিত আঘাত সনা কেব আমি নামানো", "ৰাইজ আজি ৰাজপথত সৰ্বা তোমাৰ লাজ নাই", "শ্ৰেণী কোঠাত পঢ়ি যাম আন্দোলনো আমি কৰি যাম" আদি শ্লোগান দি সৰুপথাৰ নগৰৰ মাজেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আহি পদসভা অনুষ্ঠিত কৰি তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা, সৰুপথাৰ শাখা সাহিত্য সভা, ধনশিৰি মহকুমা টাই আহোম ছাত্ৰ সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা আদিয়ে সহযোগ কৰে।