অসম

দুলীয়াজান আছুৰ অধিৱেশনলৈ ওদালগুৰি আছুৰ প্ৰতিনিধি দল…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ বুধবাৰৰে পৰা দুলীয়াজানত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। ইয়াকে লৈ প্ৰতিখন জিলা আছুৰ নেতৃত্ব ৰাওনা হৈছে অধিৱেশনস্থলীলৈ। ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ৮ খনকৈ আঞ্চলিক সমিতিৰ সমিতিৰ শতাধিক আছুৰ প্ৰতিনিধি ইতিমধ্যে ৰাওনা হৈছে কেন্দ্ৰীয় অধিৱেশনলৈ।

ইয়াৰ পূৰ্ৱে জিলা আছুৰ উদ্যোগত ওদালগুৰি শ্বহীদবেদী প্ৰাঙ্গনত ছহিদলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে আছুৰ বিষয়বৱীয়াসকলে। এইবেলি কেন্দ্ৰীয় অধিৱেশনত শিক্ষাৰ বিভিন্ন দিশৰ লগতে বিটিচি অঞ্চলত বসৱাস কৰি অহা লোকসকলৰ বিভিন্ন সমস্যাৰ বিষয়টোও উত্থাপিত হ'ব।

সমান্তৰালভাৱে বিটিচি অঞ্চলৰ বিশেষকৈ ওদালগুৰি জিলাৰ পৰা কেন্দ্ৰীয় সমিতিৰ সভাপতি-সম্পাদক পদৰ বাবে বৰ্তমানৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য্যৰ নাম দাবী কৰে। ইতিমধ্যে জিলা ছাত্ৰসন্থাৰ প্ৰতিনিধিসকল দুলীয়াজান অভিমুখে ৰাওনা হৈছে।