অসম

দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিভিন্ন অসামাজিক কাম বন্ধৰ দাবীৰে আমছুৰ স্মাৰক পত্ৰ

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত জুৱা, মদ, গাজা, ড্ৰাগছ, বাল্য বিবাহ আদিকে ধৰি চলি থকা বিভিন্ন অসমাজিক কামবোৰ বন্ধ কৰাৰ দাবীৰে মঙলবাৰে আমছুৱে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে ৰাজ্যৰ চাৰিওফালে এতিয়া ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰী একাংশ যুৱ প্ৰজন্মৰ মাজত বিয়পি পৰিছে। ড্ৰাগছ আৰু নিচা জাতীয় বস্তুৰ প্ৰতি যুৱ প্ৰজন্মই দিনে দিনে ধ্বংসৰ দিশলৈ গতি কৰি আছে। সেয়ে দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৰ সভাপতি মাইদুল ইছলাম সৰকাৰৰ‌ নেতৃত্বত এটা সজাঁতি দলে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰি অনতিপলমে এই অসামাজিক কামবোৰ বন্ধ কৰাৰ বাবে দাবী জনায়।

জিলা উপায়ুক্ত আতিকা চুলতানাই স্মাৰক পত্ৰ গ্ৰহণ কৰি আমছুৰ সজাঁতি দলটোক কয়- আপোনালোকে সমাজৰ মাজত সজাগতা আৰু জাগ্ৰত প্ৰহৰীৰ দৰে কাম কৰক, আমি সদায় আপোনালোকক সহায় সহযোগিতা আগবঢ়াম। আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰাও সমাজৰ মাজত অবৈধ কাম কৰা সকলৰ বাবে কঠোৰ ব্যৱস্থা লোৱা হ'ব।

ইপিনে, জিলা আৰক্ষী অধীক্ষকক কংকন জ্যোতি শইকীয়াই আমছুৰ স্মাৰক পত্ৰ গ্ৰহণ কৰাৰ পিছত সকলো ধৰণৰ ব্যৱস্থা লোৱা হ'ব বুলি আমছুৰ দলটোক আশ্বাস দিয়ে। আমছুৰ জিলা সভাপতি মাইদুল ইছলাম সৰকাৰে কয়- আমছুৱে কেতিয়াও অন্যায়ক প্ৰশ্ৰয় দিয়া নাই আৰু ভবিষ্যতেও নিদিয়ে, আমি সমাজৰ বাবে যিখিনি কৰিব লগা আছে আমি কৰি যাম। জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে আমাৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি আমাৰ দাবী কেইটা অনতি পলমে সমাধান কৰিব বুলি কথা দিছে। আমি সমাজৰ পৰা অবৈধ কাম শেষ কৰি এখন উন্নত সমাজ গঢ়িবলৈ চেষ্টা কৰি যাম।

আমছুৰ এই সজাঁতি দলটোত জিলা সাধাৰণ সম্পাদক আতিয়াৰ ৰছুল, উপ সভাপতি জামাল হুছেইন, আবু বক্কৰ ছিদ্দিক, কালাপানী আঞ্চলিক আমছুৰ সভাপতি মোশাৰফ হুছেইনে সংগ দিয়ে।