অসম

আমগুৰিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে ‘কা’ বাতিলৰ দাবীত উত্তাল প্রতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, নামতি: শিৱসাগৰ জিলাৰ আমগুৰিত বৃহস্পতিবাৰে সন্ধিয়া নাগৰিকত্ব সংশোধনী আইন ('কা') বাতিলৰ দাবীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে। আমগুৰি নগৰ চাৰিআলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণমঞ্চ, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,টাই আহোম ছাত্ৰ সন্থা, আহোম সেনাকে ধৰি কেইবাটাও জাতীয় সংগঠনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অগপৰ সভাপতি অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি বিজেপি আৰু অগপ চৰকাৰক জনাই দিছে অসমে 'কা' নামানে আৰু আৰম্ভণি পৰাই 'কা' বিৰোধী নেতৃত্ব লোৱা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালৰ লগতে সকলো কাৰাবন্দীৰ মুক্তিৰ দাবী জনায় ।

প্ৰতিবাদকাৰী সকলে জাতিদ্রোহী সৰ্বানন্দ সোণোৱাল নিপাত যাওক, বদন হিমন্ত বিশ্ব লেই লেই চেই চেই, বিশ্বাসঘাটক অতুল বৰা নিপাত যাওক, প্ৰদীপ হাজৰিকা কাম নাই আদি শ্লোগানেৰে প্ৰতিমূৰ্তিৰ লগতে টায়াৰ জ্বলাই প্রায় দুঘণ্টা সময় ধৰি আমগুৰি নগৰ চাৰিআলিত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে ।

প্ৰতিবাদকাৰী সকলে বিজেপি আৰু অগপক অসমীয়া ৰাইজে যেতিয়া ভোগালী বিহু খোৱা নাই বিজেপি আৰু অগপৰ কোনো বিধায়কক ঘৰলৈ আহিলে বা সভা সমিতিলৈ আহিলে দল-সংগঠন আৰু অসমীয়া ৰাইজৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলিও সকীয়াই দিয়ে । প্ৰতিবাদস্থলীত ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলাৰ সভাপতি ঋতুমণি হাজৰিকা, আহোম জাতীয় গণমঞ্চৰ শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক উদয়াদিত্য বৰা, সদৌ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পল্লৱজ্যোতি গগৈ, টাই আহোম ছাত্ৰ সন্থাৰ টুটো দিহিঙীয়া, আহোম সেনাৰ উপদেষ্টা ৰমেন গগৈ উপস্থিত থাকে।