অসম

১২ জানুৱাৰীৰ পৰা সন্ধানহীন আমগুৰিৰ যুৱক, আলফা স্বাধীনত যোগদানৰ সন্দেহ পৰিয়ালৰ লোকৰ… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, আমগুৰিঃ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত লোণপুৰীয়া গাঁৱৰ এজন যুৱক আলফাত যোগদানৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। লোণপুৰীয়া গাৱঁৰ নিবাসী ৰাতুল শইকীয়াৰ একমাত্র পুত্র দীপু শইকীয়া (২২)ই আলফাত যোগদানৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

যোৱা ১২ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা ২২ বছৰীয়া যুৱক দীপু শইকীয়াৰ আজি পৰ্যন্ত কোনোধৰণৰ শুংসূত্ৰ লাভ নকৰাত পৰিয়ালৰ লোকে আলফাত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে। যুৱকজনৰ লগত থকা ৭৮৯৬৬-২৩৬৯২ ম'বাইল নম্বৰত ফোন কৰি যোগাযোগৰ চেষ্টা কৰিছে যদিও বর্তমানলৈকে ম'বাইল বন্ধ হৈ থকা বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে উপায়হীন হৈ যুৱকজনৰ পিতৃ ৰাতুল শইকীয়াই ঘটনা সন্দৰ্ভত আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ আনিছে পৰিয়ালৰ লোকে ।

স্মৰ্তব্য যে নাগৰিকত্ব সংশোধনী ‌আইন ('কা')ক লৈ সমগ্র অসমত উত্তাল প্রতিবাদ অব্যাহত থকাৰ মাজতে শিৱসাগৰ জিলাৰ নামতিৰ সমীপৰ লোণপুৰীয়া গাঁৱৰ এজন উদীয়মান যুৱকজনে আলফাত যোগদান কৰা সম্ভাৱনা প্ৰকট হৈ উঠাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অৱশ্যে বৰ্তমানলৈকে যুৱকজনে আলফাত যোগদান কৰিছে নে নাই সেই সম্পৰ্কে নিশ্চিত তথ্য লাভ কৰা নাই। নীলা জিন্‌চ আৰু নীলা চুৱেতাৰ পিন্ধি থকা প্রায় ৫ ফুট ওখ, বগা ৰঙৰ যুৱকজনৰ কিবা সম্ভেদ পালে পৰিয়ালৰ লোকে ৬০০৩১০৭৫৩৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।