অসম

বজালীত বানপীড়িতৰ দুখ-দুৰ্দশাৰ বুজ ল’লে আম আদমি পাৰ্টীয়ে

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিগত কিছুদিন ধৰি ৰাজ্যত সৃষ্টি হৈছে নেৰা-নেপেৰা বৰষুণ। বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত বানে চলাই চলাছে তাণ্ডৱ। ফলত বিভিন্ন সমস্যাৰে জৰ্জৰিত বন্যাৰ্ত ৰাইজ।

খোৱা-বোৱা,থকা আদি নানান সমস্যাৰ সন্মুখীন হৈছে বানপীড়িত লোকসকল। ভূটানে পানী এৰি দিয়াৰ ফলত বজালীত সৃষ্টি হৈছে মহাপ্ৰলয়ৰ। যাৰ বাবে আলৈ-আথানি হৈছে বজালীৰ ভালেসংখ্যক পৰিয়ালৰ। ৰাস্তা-পদূলি,ঘৰ-দুৱাৰ জলমগ্ন হোৱাৰ উপৰিও বিভিন্ন ক্ষতিৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ।

বৃহস্পতিবাৰে বজালীৰ বন্যাৰ্তসকলৰ কাষত থিয় হয় আপৰ ৰাজ্যিক উপ-সভাপতি কমল কুমাৰ মেধিসহ দলটোৰ আন বিষয়-ববীয়াসকল। আপৰ বিষয়-ববীয়াসকলে ভুক্তভোগীসকলৰ কাষত থিয় হৈ তেওঁলোকৰ সৈতে মত-বিনিময় কৰে আৰু জলমগ্ন অঞ্চলসমূহ পৰিদৰ্শন কৰে।

বজালীত উপস্থিত হৈ উপ-সভাপতি কমল কুমাৰ মেধিয়ে উল্লেখ কৰে যে, "পহুমাৰা নদীৰ মথাউৰি নিৰ্মাণত হৈছে ব্যাপক অনিয়ম।" এই অভিযোগ উত্থাপন কৰাৰ লগতে ভূটানৰ নদীবান্ধ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক স্পষ্টীকৰণৰ বাবে দাবী তোলে।

মন্ত্ৰী পীয়ূষ হাজৰিকাই বান চাবলৈ আহি বজালীৰ বানপীড়িতৰ লগত এষাৰো মত-বিনিময় নকৰাৰ বাবে দলটোৱে ক্ষোভ প্ৰকাশ কৰে ৷ উল্লেখ্য যে, বান প্ৰতিৰোধৰ দাবীত বজালী ৰাজহ চক্ৰ বিষয়াক আপে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।