অচিন ৰোগত শিশু আক্ৰান্ত
অচিন ৰোগত শিশু আক্ৰান্ত 
অসম

অচিন ৰোগৰ আতংক মঙলদৈৰ এখন গাঁও...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ জলজলীৰ গৰনীয়াপাৰা গাঁৱত এক অচিন ৰোগে আতংকৰ সৃষ্টি কৰিছে ৷ বিগত এসপ্তাহৰ পৰা গাওঁখনৰ কেইবাটাও পৰিয়ালৰ শিশু আক্ৰান্ত হৈছে অচিন ৰোগত।

শৌচ, তেজ, বমি ইত্যাদিত আক্ৰান্ত হৈ ইতিমধ্যে তিনিটি শিশুৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ চিকিৎসা বিভাগৰ হেমাহিৰ অভিযোগ স্থানীয় গাওঁবাসীৰ ।

মঙলদৈৰ নিকটৱৰ্ত্তী জলজলী অঞ্চলৰ গৰনীয়াপাৰা গাঁৱৰ কেইবাটাও শিশু বিগত এসপ্তাহৰ পৰা শৌচ , তেজবমি আনকি চকুৰে তেজ নিৰ্গত হোৱা অচিন ৰোগত আক্ৰান্ত হয় ৷ হঠাৎ গাওঁখনৰ কেইবাটাও শিশু এই অচিন ৰোগত আক্ৰান্ত হোৱাৰ পিছত আতংকই বিৰাজ কৰিছে গাওঁখনত ৷

দৰং জিলা স্বাস্থ্যবিভাগে ইতিমধ্যে এই ঘটনাৰ ওপৰত প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহন কৰিছে । এই ক্ষেত্ৰত স্থানীয় ৰাইজ সন্তুষ্ট হ'ব পৰা নাই ৷ ইতিমধ্যে আতংকিত গাওঁবাসীয়ে এই অচিন ৰোগ প্ৰতিৰোধৰ বাবে উচিত ব্যৱস্থা গ্ৰহন কৰিবলৈ স্বাস্থ্য বিভাগ তথা মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে ৷