অসম

গাঁৱত চাইকেল চলাই ফুৰা হৃদৰোগী সাংবাদিক লক্ষীন্দৰৰ অসমত বোলে চিকিৎসা নাই!

asomiyapratidin

'চাৰ,
আজি ডা০ ডাউকাক লগ কৰিলো। মোৰ ভেল'ভৰ লগতে হাৰ্ট বেয়া। তদুপৰি থাইৰয়ডৰ সমস্যা। অপাৰেচন কৰিলেও এক শতাংশও ৰিক্স ল'ব নোৱাৰে বুলি কৈছে। প্লাষ্টিকৰ ভেলভ লগালেও কাৰ্যক্ষম হোৱাৰ নিশ্চিতি নাই বোলে। পাৰিলে ভেলোৰলৈ যাবলৈ পৰামৰ্শ দিছে। ইয়াত বোলে হাৰ্ট চাপৰ্টিং মেচিন নাই। এতিয়া ঘৰলৈকে উভতিছো চাৰ। ঘৰলৈ গৈ আলোচনা কৰিম। আপোনাৰ পৰা বহুত দিহা পৰামৰ্শ পালো ধন্যবাদ থাকিল চাৰ…'

ডিজিটেল ডেস্কঃ পঢ়িলেই গা জিকাৰ খাই যোৱা হোৱাটছএপ মেছেজটো এজন গ্ৰাম্য সাংবাদিকৰ। চিলাপথাৰত তেওঁৰ ঘৰ। শিক্ষাগত অৰ্হতাৰ ভিত্তিতেই তাৰ এখন কলেজত অনুমোদনহীন এটা পদত ৬-৭ বছৰমান প্ৰবক্তাৰূপে কাম কৰি গ্ৰাম্য সাংবাদিক হিচাপে পোৱা নূন্যতম পাৰিশ্ৰমিকৰ লগতে অতিৰিক্তভাৱে যিকেইটা পইচা পাইছিল, সেয়াও বন্ধ হ'ল। কিয়নো পদটোৰ অনুমোদন নোহোৱাৰ বাবে প্ৰবক্তাৰ চাকৰিটোৰ পৰা ইস্তাফা দিব লগা হ'ল লক্ষীন্দৰে।

বিগত দুই দশকৰো অধিক কাল চিলাপথাৰৰ সংবাদদাতা হিচাপে কাম কৰা প্ৰায় ৪৫ বছৰীয়া বিবাহিত সংবাদদাতা গৰাকীৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰ কৰি পিতৃ-মাতৃসহ তেওঁৰ পৰিয়ালটোও চলে। পিছে সংবাদদাতা হিচাপে তেওঁ লাভ কৰা পাৰিতোষিকখিনিৰে গুৱাহাটী মহানগৰত হ'লে ঘৰৰ ভাড়াটো দিবলৈকে নুজুৰিলেহেঁতেন। গাঁৱত যি অকনমান খেতি মাটি আছে, সেই খিনিৰ ওপৰতে ভৰষা কৰি সৰলমনা লক্ষীন্দৰে তথাপি কলম চলাই যায় সমাজখনৰ বাবে কিবা এটা কৰাৰ হেঁপাহত।

নিজৰ স্বাস্থ্যৰ কথা ভাবিবলৈ সময় আৰু ধন কোনোটোৱেই নাই তেওঁৰ। সেয়ে বিগত ১০ বছৰে হৃদ ৰোগত আক্ৰান্ত লক্ষীন্দৰে চৰকাৰী হাস্পতালত দেখুওৱাৰ পিছত চিকিৎসকে লিখি দিয়া প্ৰেচক্ৰিপশ্যনৰ ঔষধ কেইটা খায়েই পাৰ কৰিছিল। পিছে ক্ৰমাৎ দুৰ্বলতা বাঢ়ি অহাত তেওঁ গুৱাহাটীলৈ আহিল ভাল চিকিৎসকক দেখুৱাবলৈ। পত্নী আৰু শুভাকাংক্ষীৰ হেঁচাত পৰি আহিলেও মনে মনে তেওঁৰ আশা আছিল অটল অমৃতৰ কাৰ্ড খনেৰে সৈতে তেওঁ উন্নতমানৰ ব্যক্তিগত চিকিৎসালয়ত কিবাকৈ হৃদৰোগৰ নিৰাময়ৰ ব্যৱস্থা কৰিব পাৰিব।

কিন্তু দুদিন ধৰি চলোৱা পৰীক্ষা নিৰীক্ষাৰ অন্তত বিখ্যাত হাস্পতালখনৰ প্ৰখ্যাত চিকিৎসকজনে তেওঁক সমাধানৰ কোনো বাট দেখুৱাব নোৱাৰিলে। বৰং হৃদ ৰোগ আৰু থায়ৰয়ডত দীৰ্ঘদিন আক্ৰান্ত হৈ থাকি শাৰিৰীক, মানসিকভাৱেও দুৰ্বল হৈ পৰা সংবাদসেৱীজনৰ অৱশিষ্ট মনোবলকনো যেন চিকিৎসকৰ বাক্যকেইটাই নোহোৱাহে কৰিলে। যাৰ বাবে যি হয় ঘৰতে হওক বুলি ট্ৰেইনত উঠাৰ পিছতহে উপৰোক্ত মেছেজটো লিখিছিল তেওঁ। চুটি মেছেজটোত থকা প্ৰতিটো শব্দই হয়তো তেওঁৰ হৃদয়ো জোকাৰি গৈছিল। যিদৰে এইটো পঢ়া প্ৰতিজন মানুহৰ সৰ্ব শৰীৰত বাক্যকেইশাৰীয়ে জোকাৰণি তুলিব।

কিন্তু তেওঁৰ হৃদ ৰোগ ইমান ভয়াবহ নে? গুৱাহাটী মহানগৰীখনত বৰ বৰ হৰফেৰে সাফল্যৰ খাতিয়ান দাঙি ধৰা চুপাৰ স্পেচিয়েলিটী হাস্পতালৰ হৰ্ডিঙেৰে ভৰি আছে। গেটৰ মুখত থিয় দিলেই চেঞ্চৰ লগোৱা দুৱাৰ নিজে নিজে খোল খাই যায়। যিখন দুৱাৰেৰে সোমাই যোৱা ৰোগী সুস্থ হৈ ওলাই আহক বা নাহকেই পৰিয়ালে ২-৩ লাখ টকা আদায় দিবলগা হোৱাটো প্ৰায় নিশ্চিত। অথচ এনে এখন চিকিৎলায়ৰ প্ৰখ্যাত চিকিৎসক এজনে যদি গাঁৱত দুৰ্বল দেহাৰে হ'লেও বাইক চলাই বাতৰি সংগ্ৰহ কৰি ফুৰা হোজা সাংবাদিক এগৰাকীক তেওঁৰ হৃদৰোগৰ চিকিৎসাৰ বাবে ভেলোৰলৈ যোৱাৰ বাহিৰে আন পথ নাই বুলি এতিয়াও ক'ব লগাত পৰে, তেনেহ'লে ফাইভষ্টাৰ হোটেল সদৃশ এই বৃহৎ বৃহৎ চিকিৎসালয়বোৰ কিহৰ বাবে? কোনে ক'ব এইবোৰ ভাঙি পেলাব লাগে বুলি?

অসমৰ গাঁৱে ভূঞে থকা ৰোগীসকল দিল্লী, মুম্বাই, মাদ্ৰাজলৈ সাধাৰণ ৰোগতে যাব লগা হোৱাৰ দোহাই দিয়েই মহানগৰীৰ অলিয়ে গলিয়ে এইবোৰ গঢ় লৈ উঠিছে। তেওঁলোকৰ চিকিৎসালয়বোৰ সফল অস্ত্ৰোপ্ৰচাৰৰ বাতৰি বা বিজ্ঞাপনো প্ৰচাৰ হৈয়েই আছে। বহু ৰোগীও হয়তো সুস্থ হৈ উঠিছে। কিন্তু এজন প্ৰখ্যাত চিকিৎসকৰ মুখেৰে ওলোৱা নিজৰ অসমৰ্থতা, অক্ষমতা প্ৰকাশক বাক্য কেইটাই প্ৰকৃত সত্যতো প্ৰকাশ কৰিছে নে তেওঁ চৰকাৰী সাহায্য আঁচনিৰ অধীনত চিকিৎসা কৰিব লাগিব বাবেই লক্ষীন্দৰক এনে ধৰণৰ হতাশাজনক কথাৰে প্ৰচণ্ড মানসিক চাপৰ মাজলৈ ঠেলি দিছে।

চিকিৎসক এজনে কোৱা কথাবোৰ হৃদ ৰোগত আক্ৰান্ত গাঁৱৰ হোজা ল'ৰা লক্ষীন্দৰে বিশ্বাস কৰিব নে তেওঁৰ শুভাকাংক্ষী অথবা আত্মীয়ৰ অভয় বাণীয়ে তেওঁক আশ্বস্ত কৰিব। ভেলোৰলৈ তেওঁ যাব নোৱাৰে। তাৰ জোখাৰে তেওঁৰ পইচা নাই। চৰকাৰৰ আঁচনিয়েও ইমানখিনি সুবিধা নিদিয়ে। তেনেহ'লে অতি কষ্টৰে পৰিয়াল পুহি সমাজৰ কিবা এটা ভাল হওক বুলি সাংবাদিকতা কৰা উচ্চ শিক্ষিত এই ল'ৰাজন অকালতে যদি হেৰাই যাব লগা হয়, তেনেহ'লে তাৰ বাবে দায়ী হ'ব কোন?