অসম

বন বিভাগৰ কাৰ্যালয়ত নাই এজনো কৰ্মচাৰী, বাৰাণ্ডাতে পৰি থাকিল এডাল প্ৰকাণ্ড অজগৰ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ পুৱাতেই কাৰ্যালয়লৈ আনিছিল এডাল অজগৰ৷ কিন্ত পুৱা ১১ বজালৈ কাৰ্যালয়ৰ কোনো কৰ্মচাৰীৰে খবৰ নাই৷ থাকিল বাৰান্দাতে দীঘল দি পৰি৷ অৱশেষত ১১ঃ৩০ বজাত অভয়াপুৰীৰ পৰা অহা কৰ্মচাৰীয়ে ল'লে চমজি৷ হয়, এয়া অজগৰ এডালৰ বিলৈৰ কাহিনী।

শনিবাৰে পুৱাতেই অভয়াপুৰীৰ নয়াগাঁৱৰ এজন লোকৰ জালত লাগিছিল এডাল প্ৰকাণ্ড অজগৰ৷ লোকজনে অজগৰডালৰ একো ক্ষতি নকৰি বান্ধি জমা দিবলৈ আহিছিল নয়াগাঁও চ'কত থকা বন বিভাগৰ উপ কাৰ্যালয়লৈ৷ কিন্তু এয়া চৰকাৰী কাৰ্যালয়হে৷ তাতে আকৌ বানপানীৰ সময়৷ ১১ বজালৈ দেখাদেখি নাই কোনো কৰ্মচাৰীৰ৷

লোকজনে কাৰ্যালয়লৈ কোনো নহা দেখি বাৰান্দাতে বান্ধি থৈ যায় অজগৰডাল৷ অৱশেষত একাংশ সচেতন লোকৰ তৎপৰতাত ১১ঃ৩০ মান বজাত অভয়াপুৰী বনবিভাগৰ কাৰ্যালয়ৰ পৰা অহা এটি দলে চমজি লয় অজগৰডাল৷