অসম

দৰিদ্ৰতাই হেঙাৰ হৈ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈ চুমা বৰাৰ কোনে লৈছে খবৰ?

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ যোৱা ১ নবেম্বৰৰ পৰা ৪ নবেম্বৰলৈ পঞ্জাৱত অনুষ্ঠিত হোৱা "ৱৰ্ল্ড চ'টকাই কাপ কেৰাটে দ্য চেম্পিয়নশ্বিপ'ত এটা স্বৰ্ণ, এটা ৰূপৰ পদক লাভ কৰাৰ উপৰিও পূৰ্বেও কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত বহুকেইটা স্বৰ্ণ পদক আজুৰিবলৈ সক্ষম হোৱা কণমানি কাৰাটে খেলুৱৈ চুমা বৰাই এতিয়া আৰ্থিক সমস্যাৰ বাবে ৰাজ্যৰ বাহিৰত খেলিবলৈ যোৱাত বাধা আহি পৰিছে।

ঢকুৱাখনাৰ মৰনৈ পঞ্চায়তৰ পূৱ চামপৰা গাঁঁৱৰ এইগৰাকী ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ চুমা বৰাৰ নাই পিতৃ-মাতৃ। খুড়াক আৰু আইতাকে বহু কষ্টৰে তাইক ডাঙৰ দীঘল কৰিল এতিয়া এগৰাকী ব্লেক বেলাৰ কাৰাটে খেলুৱৈৰূপে গঢ়ি তুলিছে চুমা বৰাক। বাৰীৰ শাক-পাচলি, গৰু-ছাগলী বিক্ৰী কৰি চলি থকা খুৰাক ভূপেন বৰাই মাওৰা ভটিজী চুমাক ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহুকেইখন প্ৰতিযোগিতাত খেলিবলৈ পঠিয়াই কেইবাটাও স্বৰ্ণ, ৰূপ আৰু বঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম কৰি তুলিছে যদিও বহু খেলত আৰ্থিক সমস্যাৰ বাবেই যোগদান কৰিবলৈ পঠাব পৰা নাই চুমাক।

খুড়াক ভূপেন বৰাই কণমানি চুমাৰ আশা আকাংক্ষা পূৰণৰ বাবে অনেক কষ্ট কৰিব লগা হৈছে ।ইতিমধ্যে তেওঁৰ মাটি-ভেটিও বন্ধকীত যোৱাৰ অৱস্থা হৈছে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা ক্ৰীড়া মন্ত্ৰী নৱ কুমাৰ দলেক আৰ্থিক সহায়ৰ বাবে আবেদন জনাইছে যদিও পোৱা নাই আজিলৈকে কোনো সঁহাৰি।

সেয়েহে চৰকাৰ, মন্ত্ৰী, দল-সংগঠনৰ সহায় ভিক্ষা কৰিছে ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত কাৰটে খেলুৱৈ চুমা বৰাৰ পৰিয়ালে। ঢকুৱাখনাৰ এই কণমানি প্ৰতিভাৱান কাৰাটে খেলুৱৈগৰাকীক সহায় কৰিব বিচাৰিলে কোনো লোকে খুড়াক তথা অভিভাৱক ভূপেন বৰাক ৬০০০১৭৮৭৩৩ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।