অসম

মহানগৰীৰ ক্ষেত্ৰীত পথৰ দাঁতিত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ সদ্যজাত কন্যা শিশু

asomiyapratidin

ডিজিটেল সংবাদ, ক্ষেত্ৰীঃ মহানগৰীৰ নিকটৱৰ্তী ক্ষেত্ৰীৰ টোপাতলীত দেওবাৰে পুৱা বস্তাত ভৰাই থোৱা অৱস্থাত এটি দেৱশিশু উদ্ধাৰ হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, দেওবাৰে পুৱা টোপাতলী এম ই স্কুলৰ সমীপৰ ঝাৰণীত শিশুৰ কান্দোন শুনিবলৈ পায় প্ৰাতঃ ভ্ৰমণলৈ অহা মিলনপুৰৰ হাচিনা আৰু অজুফা নামৰ মহিলা দুগৰাকীয়ে।

তাৰ পিছতে কান্দোনৰ উমান লৈ কাষ চাপি গৈ দেৱ শিশুটো প্ৰত্যক্ষ কৰি মহিলা দুগৰাকীয়ে আৰক্ষী আৰু স্থানীয় ৰাইজক খবৰ দিয়াত ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু আৰক্ষী উপস্থিত হৈ শিশুটি উদ্ধাৰ কৰে। শিশুটিক ক্ষেত্ৰীৰ চৰকাৰী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত ক্ষেত্ৰী আৰক্ষীয়ে শিশুটিক চাইল্ড লাইনৰ হাতত অৰ্পন কৰে। ইফালে শিশুটিৰ প্ৰতিপালনৰ দায়িত্ব ল'ব বিচাৰিছে স্থানীয় এলিনা বেগম নামৰ এগৰাকী নিঃসন্তান মহিলাই।