অসম

শিশু দিৱস পালনৰ পৰিৱৰ্তে ৰাজপথত প্ৰতিবাদ কণ কণ ছাত্ৰ-ছাত্ৰীৰ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, হৰিশিঙাঃ শিশু দিৱসৰ দিনটোত বুধবাৰে ওদালগুৰি জিলাৰ ডিমাকুছিত বিদ্যালয় এৰি পথলৈ ওলাই আহিল একাংশ কন কন ছাত্ৰ-ছাত্ৰী। জিলাখনৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী 'শিশু দিৱস' পালনৰ বিপৰীতে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

বিদ্যালয়খনত বহু দিনৰে পৰা বহুকেইটা বিষয়ৰ শিক্ষকৰ পদ খালী হৈ আছে। বহু বাৰ বিদ্যালয়খনৰ পৰা সেই খালী হৈ থকা পদসমূহ পূৰাবলৈ শিক্ষা বিভাগক আবেদন জনোৱা হৈছিল যদিও কোনো সুদুত্তৰ পোৱা নাই। শিক্ষা বিভাগৰ এই চকু মুদা কুলিৰ ভাও দেখি অৱশেষত ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে।

হাতে হাতে প্লে' কাৰ্ড লৈ সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা বিভাগ হায় হায়, বিটিচি শিক্ষা বিভাগ হায় হায়, আমাৰ বিদ্যালয়ৰ খালী পদ পূৰন কৰক আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে।