অসম

ওদালগুৰিৰ এগৰাকী যুৱতীৰ ব্যতিক্ৰমী প্ৰয়াস

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে ৰঙালীৰ পাৰভঙা উচাহ। ৰঙালীৰ ৰঙত উটি ভাহি গৈছে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈকে সকলো অসমীয়া। বহুলোকে বিহুত পৰিধান কৰিবলৈ সাজ-পোছাককে আদি কৰি বিভিন্ন সামগ্ৰীৰ ক্ৰয় কৰিবলৈ ভিৰ কৰিছেহি বিপনীত। বিভিন্ন বিপনীসমূহত এতিয়া উভৈনদী হৈ পৰিছে বিহুৰ সৈতে জড়িত থকা সামগ্ৰী তথা বিভিন্ন আ-অলংকাৰ।

বিপনীয়ে বিপনীয়ে সহজেই উপলব্ধ হৈ পৰিছে বহিঃৰাজ্যত নিৰ্মিত বিভিন্ন সা-সামগ্ৰী। ইয়াৰ মাজতে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে ওদালগুৰিৰ এগৰাকী যুৱতীয়ে। অসমীয়া-বড়ো সংস্কৃতিৰ প্ৰতীকক যুৱতীগৰাকীয়ে দিছে নতুন ৰূপ। যুৱতীগৰাকীৰ হাতৰ পৰশত নতুন ৰূপত প্ৰাণ পাই উঠিছে গামোচা-আৰনাইৰে নিৰ্মিত কাণৰ গহনা অথবা নোটবুকৰ আৱৰে। ওদালগুৰি চহৰৰ মাজমজিয়াত স্থায়ীভাৱে বসবাস কৰা সাংবাদিক তথা শিক্ষক পিতৃ গৌতম জ্যোতি তালুকদাৰ আৰু মাতৃ তুলিকা তালুকদাৰৰ জেষ্ঠ্যা কন্যা কুইন জি তালুকদাৰৰ হাতৰ পৰশত নতুনকৈ প্ৰাণ পাই উঠিছে এনেবোৰ সামগ্ৰী।

গুৱাহাটীৰ চান্দমাৰীস্থিত আৰ্টিষ্ট গীল্ডত কলা শিক্ষা অধ্যয়ণৰত কুইন জি তালুকদাৰে গামোচাৰ চানেকীৰে নিৰ্মাণ কৰি উলিয়াইছে কাণ ফুলি, মোনা, শুভেচ্ছা পত্ৰৰ লগতে বিভিন্ন সামগ্ৰী। কেৱল এয়াই নহয়, অসমীয়া গামোচা আৰু বড়ো আৰনাইৰে প্ৰস্তুত কৰি উলিয়াইছে নোটবুকৰ আৱৰ।

ইয়াৰোপৰি প্লেটত অংকন কৰিছে বিভিন্ন চানেকি, কপৌফুলৰ চিত্ৰৰ লগতে অন্যান্য বিভিন্ন মুখা চিত্ৰ। ২০১৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত কলা শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ।

সাংবাদিকৰ আগত মত ব্যক্ত কৰি যুৱতীগৰাকীয়ে কয় যে তেওঁ নিৰ্মাণ কৰা সামগ্ৰীসমূহৰ সমাদৰ অসমৰ বিভিন্ন অঞ্চলত সমাদাৰ লাভ কৰাৰ লগতে তেওঁৰ সামগ্ৰীৰ চাহিদাও বৃদ্ধি পাইছে। ওদালগুৰিৰ যুৱতীগৰাকীৰ এনে প্ৰদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে।