অসম

অগপৰ কাৰ্যালয়ত কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লৈ হতাহতি, আৰক্ষীয়ে আটক কৰিলে ৮ প্ৰতিবাদকাৰীক

asomiyapratidin
  • ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়ত অগপৰ কাৰ্যালয়ত হতাহতি হোৱাৰ পিছতে আটক কৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন সাধাৰণ সম্পাদকক।
  • মুঠ ৮গৰাকী লোকক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।
  • আটক কৰা সকলৰ ভিতৰত আছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আব্দুল চাত্তাৰ, কাৰ্য নিৰ্বাহক সদস্য ৰাজা গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী, প্ৰাক্তন সাধাৰণ সম্পাদক ডেভিদ হাজৰিকাৰ লগতে ৮গৰাকী লোক।
  • কেব বিৰোধী আন্দোলনৰ সময়ত অগপৰ কাৰ্যালয়ত হতাহতিৰ অন্তত প্ৰশাসনে আটক কৰাৰ পিছতে নিশা ১০ বজাৰ ভিতৰত মুকলি কৰি দিয়াৰ দাবী ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ।
  • কেব বিৰোধ কৰিবলৈ অগপ কাৰ্যালয়লৈ যোৱাৰ সময়তে হতাহতি হোৱা বুলি জানিবলৈ দিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

লগতে ১০ বজাৰ ভিতৰত প্ৰতিবাদকাৰীসকলক মুকলি কৰি নিদিলে পৰিস্থিতি উত্তপ্ত হোৱাৰ হুংকাৰ।