অসম

কোৰোনা সংক্ৰমণ নহয়, তাতোকৈ ভয়ানক খবৰ আহিল…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা সংক্ৰমণৰ খবৰ নহয়, গুৱাহাটী বা অসমবাসীৰ বাবে বুধবাৰৰ দিনা আহিল তাতোকৈ ভয়ানক খবৰ। পুৱাই আহিছিল দুঃখবৰ। কোৰোনা ভাইৰাছৰ সংক্ৰমণ হৈ থকা চাৰিজন লোকৰ মৃত্যুৰ খবৰ সদৰী কৰিছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এটা টুইটযোগে মন্ত্ৰীগৰাকীয়ে জনাইছিল- কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে গুৱাহাটীৰ ৬০ বছৰীয়া ছাফিকুল ৰহমান, কাহিলীপাৰাৰ উৎপল কুমাৰ চলিহা, লালগণেশৰ ৬৮ বছৰীয়া হৰি প্ৰসাদ মণ্ডল। ইয়াৰ লগতে বৰপেটাৰ ৰমনী মজুমদাৰৰ মৃত্যুৰ খবৰো দিছিল স্বাস্থ্য মন্ত্ৰীয়ে।

মৃত্যু হোৱা এই চাৰিজন লোকেই আছিল ৬০ বছৰৰ উৰ্ধৰ। তাৰপাছতে আহিছিল আন এক খবৰ। এইবাৰ আহিছিল এই দুঃখবৰ ওদালগুৰিৰ পৰা। ওদালগুৰিৰ মাজবাট থানাৰ অন্তৰ্গত দুই নং নাহৰবাৰীগাঁৱৰ জীতেন্দ্ৰ প্ৰসাদ নামৰ ৩০ বছৰীয়া যুৱকজনৰ মৃত্যু হৈছিল কোৰোনাত।

এনেকৈয়ে বুধবাৰে ইটোৰ পাছত সিটো কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা খবৰ আহিছিল। তেজপুৰৰো এজন লোক কোৰোনাত মৃত্যু হোৱা বুলি সদৰী কৰা হৈছিল। নিশা ভাগলৈ মণিকা ভূমিজ নামৰ ১৯ বছৰীয়া এগৰাকী যুৱতী যোৰহাটত মৃত্যু হৈছিল কোৰোনাত।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ অসমত মৃত্যু হ'ল ৮জন লোকৰ। কোৰোনা সংক্ৰমণৰ এই সময়চোৱাত ২৪ ঘন্টাত কোভিড-১৯ত আক্ৰান্ত হৈ সৰ্বাধিক লোকৰ মৃত্যু হ'ল অসমত।