প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টি
প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টি 
অসম

মুছলপুৰত প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টিৰ ফলত ৭০ টা পৰিয়ালৰ ফুটিল টিনপাত...

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সাঃ ৰাজ্যত বিগত কিছুদিনৰ পৰা ঠায়ে ঠায়ে প্ৰবল ধুমুহা শিলাবৃষ্টিৰ হৈছে । উজনিৰ পৰা নামনিৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিৰ তাণ্ডৱ লীলাই বিস্তৰ ক্ষতি সাধন কৰিছে ।

শুকুৰবাৰে মাজনিশা অহা ধুমুহা শিলাবৃষ্টিৰ ফলত ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাটো যথেষ্ট পৰিমাণে ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে । জিলাখনৰ মুছলপুৰৰ সমীপৱৰ্তী বিষ্ণুপুৰ দীঘলদঙাৰ প্ৰায় ৭০ টা পৰিয়ালৰ বাসগৃহৰ টিনপাত সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় নিশা হোৱা শিলাবৃষ্টিৰ ফলত ।

যাৰ ফলত উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে বাক্সা জিলাৰ এখন গাওঁৰ ৰাইজে । প্ৰায় আধা কিলোগ্ৰাম ওজনৰ শিল পৰি ৭০ টা পৰিয়ালৰ ফুটিল টিনপাত ।

উল্লেখযোগ্য যে পূৰ্বতে অঞ্চলটোত ধুমুহা, শিলাবৃষ্টি হৈছিল যদিও এইবাৰ দৰে এইবাৰৰ দৰে ইমান বেছি ক্ষতিৰ সন্মুখীন হোৱা নাছিল ৰাইজে । প্ৰায় আধা কিলোগ্ৰাম ওজনৰ শিল পৰি ঘৰৰ টিন ফুটাই দিয়াৰ ফলত গোটেই নিশা উজাগৰে কটাবলগীয়া হ'ল গাঁওবাসী ।

কৃষিজীৱি গাওঁখনৰ লোকসকলে সাহাৰ্য বিছাৰি চৰকাৰলৈ আহ্বান কৰিছে যে যাতে শীঘ্ৰেই চৰকাৰে এই পৰিয়াল সমূহলৈ কিছু সকাহ প্ৰদান কৰিছে ।