অসম

৮ জুনৰ পৰা খুলিব পাৰিব ৰেষ্টুৰেন্ট-হোটেল-শ্বপিং মল…

asomiyapratidin

ডিজিটেল ডেস্কঃ লকডাউন বৃদ্ধি হ'লেও ৮ জুনৰ পৰা খুলিব পাৰিব শ্বপিং মল আৰু ৰেষ্টুৰেন্টসমূহ। পঞ্চম পৰ্যায়ৰ লকডাউনৰ নীতি-নিৰ্দেশনাত এই কথা ঘোষণা কৰা হৈছে। কন্টেইমেন্ট জ'নৰ বাহিৰে বাকী সকলোবোৰ স্থানতে সকলোবোৰ কাৰ্যকলাপ স্বাভাৱিকভাৱেই হ'ব এই সময়চোৱাত।

স্কুল-কলেজ আৰু শিক্ষা প্ৰতিষ্ঠানসমূহ পুনৰ খোলা হ'ব। সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আলোচনাৰে পৰ্যায়ক্ৰমে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অভিভাৱক, বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে কথা পাতি এই সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে।

ধৰ্মীয় অনুষ্ঠানসমূহো খোলা হ'ব পঞ্চম পৰ্যায়ৰ লকডাউনত। অৱশ্যে এই সন্দৰ্ভত কি কি নীতি নিৰ্দেশনা মানিব লাগিব সেয়া স্বাস্থ্য মন্ত্ৰণালয়ে ঠিক কৰি দিব। কোৰোনা সংক্ৰমণ হোৱা যিবোৰ স্থানক কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰা হয় সেয়া নিৰ্ধাৰণ কৰিব সংশ্লিষ্ট জিলা কৰ্তৃপক্ষই।এই কন্টেইমেন্ট জ'নসমূহত অত্যাৱশ্যকীয় সেৱাহে সম্ভৱ হ'ব।

উক্ত স্থানসমূহত যাতে কোনো লোক ঘূৰি নুফুৰে বা এই স্থানলৈ বাহিৰৰ লোক সোমাব নোৱাৰে তাৰ প্ৰতি কঠোৰ নজৰ ৰখা হ'ব। কন্টেইমেন্ট জ'নৰ বাহিৰৰ অংশত ৰাজ্য বা কেন্দ্ৰীয় শাসিত চৰকাৰে প্ৰয়োজনত বাফাৰ জ'ন ঘোষণা কৰিব পাৰিব। এই জ'ন সমূহৰ পৰা স্বাস্থ্যজনিত কাৰণতহে কোনো লোক বাহিৰলৈ ওলাব পাৰিব।প্ৰয়োজনত ৰাজ্য চৰকাৰে এই সময়চোৱাত যিকোনো ধৰণৰ নিষিদ্ধ বা সীমাৱদ্ধতাৰ নিৰ্দেশ দিব পাৰিব।