অসম

নলবাৰীত ‘মণিবাবু’ৰ ৫৯ সংখ্যক মৃত্যু দিৱস পালন…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰীৰ সু-সন্তান, ঐতিহ্যমণ্ডিত গৰ্ডন স্কুলৰ প্ৰাক্তন কৃতী প্ৰধান শিক্ষক মণিৰাম দাসৰ ৫৯ সংখ্যক মৃত্যু দিৱস উপলক্ষে নলবাৰীৰ দক্ষিণ ৰাজনগৰ উন্নয়ন সমিতিৰ উদ্যোগত আজি এখন বিশেষ সভাৰ আয়োজন কৰা হয়।

দক্ষিণ ৰাজনগৰ নামঘৰ-বিষ্ণু মন্দিৰৰ বাকৰিত ডাঃ দিলীপ কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্য, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, পঞ্চায়ত প্ৰতিনিধি বীৰেন দাস, ভূমিদাতা প্ৰয়াত মণিৰাম দাসৰ পৰিয়ালৰ বোৱাৰী মঞ্জুলা দাস প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দানসূত্ৰে পোৱা মাটিত প্ৰয়াত মণিৰাম দাসৰ সৰু পুত্ৰ তাৰাপ্ৰসন্ন দাসৰ পৰিকল্পনাত শিশু উদ্যান এখন প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই।

সভাত ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই কৃতী শিক্ষক মণিৰাম দাসৰ স্মৃতি ৰোমন্থন কৰি ভাষণ দিয়ে। বিশেষকৈ নলবাৰীৰ শৈক্ষিক জগতত তেওঁৰ অৱদানৰ বিষয়ে উল্লেখ কৰে। উল্লেখনীয় যে গৰ্ডন স্কুলৰ প্ৰাক্তন কৃতী প্ৰধান শিক্ষক 'মণিবাবু' নামেৰে খ্যাত মণিৰাম দাসৰ কৰ্মৰাজিক মৰ্যাদা প্ৰদানৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।