অসম

ওদালগুৰি জিলাৰ ৫ টা শ্বহীদ ভৱন কোভিড কাৰ্যত ব্যৱহাৰৰ প্ৰস্তাৱ আছুৰ…

asomiyapratidin

ডিজিটেল সংবাদ,ওদালগুৰি : ৰাজ্যত কোভিড১৯ ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ভিন্ন ঠাইত জাতীয় সংগঠনসমূহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। ওদালগুৰিতো জিলা প্ৰশাসনক সহায়ৰ বাবে ওলাই আহিছে কেইৱাটাও জাতীয় সংগঠন।

সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে জিলাখনৰ পাঁচটাকৈ শ্বহীদ ভৱন কোভিড১৯ৰ বিভিন্ন কাৰ্যত ব্যৱহাৰৰ বাবে প্ৰশাসনক আগবঢ়োৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে। ৰাজ্যখনত বৰ্তমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে কভিড১৯ ভাইৰাছে।

প্ৰায় প্ৰতিখন জিলাতে দ্ৰুতগতিত বৃদ্ধি পাইছে কভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই। সমান্তৰালভাৱে কভিডৰ প্ৰথম ঢৌৰ তুলনাত দ্বিতীয় ঢৌত আক্ৰান্ত ৰোগীৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে। ওদালগুৰি জিলাতো কভিড কভিড১৯ ভাইৰাচত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে দিন বৃদ্ধিৰ লগে লগে মৃত্যু হোৱা ৰোগীৰ সংখ্যাও বাঢ়িবলৈ আৰম্ভ কৰিছে।

কোভিডৰ দ্বিতীয় ঢৌত জিলাখনত কালি নিশা পৰ্যন্ত ১,২২১ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ৪৪৫ গৰাকী লোক চিকিৎসাধীন হৈ আছে। একেদৰে ২৩ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ তথ্য‌ও লাভ কৰা হৈছে। তেনে অৱস্থাত আগন্তুক দিনত জিলাখনত কোভিড ৰোগীৰ চিকিৎসাৰ বাবে বিচনাৰ নাটনি হোৱাৰ সম্ভাৱনাই দেখা দিছে।

ঠিক এনে সময়তে জিলাখনত কোভিড নিয়ন্ত্ৰণৰ স্বাৰ্থত অলপতে ওদালগুৰি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই আন দল-সংগঠনৰ লগতে ছাত্ৰ-সংগঠনৰ সৈতেও আলোচনাত মিলিত হয়। উক্ত আলোচনাত উপায়ুক্তগৰাকীয়ে সকলো দল-সংগঠনৰ সহযোগিতা কামনাৰ লগতে সজাগতাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ বাবে আহ্বান জনায়।

উপায়ুক্তগৰাকীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই প্ৰতিটো সংগঠনে প্ৰশাসনক সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ পাছতে ওদালগুৰি জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষে। জিলাখনৰ সাতখনকৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত পাঁচটাকৈ শ্বহীদ ভৱনক অস্থায়ী কভিড কেয়াৰ কেন্দ্ৰৰ বাবে প্ৰশাসনৰ হাতত আৰ্পন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে।

জিলা সমিতিখনৰ অন্তৰ্গত ওদালগুৰি, হৰিশিঙা, টংলা, কলাইগাওঁ আৰু খৈৰাবাৰী আঞ্চলিক সমিতিৰ শ্বহীদ ভৱনত প্ৰয়োজন সাপেক্ষে জিলা প্ৰশাসনে কভিড কাৰ্যত ব্যৱহৃত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে প্ৰাঞ্জল পাটোৱাৰী আৰু বিপুল লহকৰসহ কাৰ্যনিৰ্বাহক সমিতিখনে।

সংগঠনটোৰ নেতৃত্ব‌ই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰি কয় যে জিলা প্ৰশাসনে নিজৰ প্ৰয়োজন সাপেক্ষে পাঁচোটা শ্বহীদ ভৱনেই কোভিডৰ কাৰ্যত ব্যৱহাৰ কৰিব পাৰে। কোভিড কেয়াৰ কেন্দ্ৰ‌ই হ‌ওঁক বা কোভিড ভেকচিন প্ৰদানৰ কামতেই হ‌ওঁক প্ৰশাসনে প্ৰয়োজন সাপেক্ষে ব্যৱহাৰৰ ক্ষেত্ৰত সংগঠনটোৱে অৰ্পন কৰিব বুলি উল্লেখ কৰি ইতিমধ্যে জিলা সমিতিখনৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক সমিতিয়ে সংশ্লিষ্ট অঞ্চলসমূহত কোভিড সন্দৰ্ভত সজাগতা চলাই আছে। স্বাভাৱিকতে সংগঠনটোৰ এনে কাৰ্যক সচেতন মহলে প্ৰশংসা কৰিছে।