অসম

বৰ্ণিল হৈ পৰিছে ডিফুৰ তাৰালাংছ’ত অনুষ্ঠিত ৪৫ তম কাৰ্বি যুৱ মহোৎসৱ, চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ১৯৭৮ বৰ্ষতে আৰম্ভ হোৱা উত্তৰ-পূৱ ভাৰতবৰ্ষৰ প্ৰথম যুৱ মহোৎসৱটিত সমূহ কাৰ্বি যুৱ সমাজ একত্ৰিত হৈছিল ৷ সেই বৰ্ষটো নিশ্চিতভাৱে কাৰ্বিসকলৰ বাবে এটা উল্লেখনীয় বছৰ বুলিব পাৰি ৷ কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত প্ৰথম অনুষ্ঠিত হৈছিল যুৱ মহোৎসৱ ৷ আৰম্ভ হোৱা তিনি বছৰৰ পাছত অৰ্থাৎ ১৯৭৭ চনত জন্ম হোৱা 'কাৰ্বি সাংস্কৃতিক সমাজ'এ তেতিয়াৰ পৰা প্ৰতি বছৰে নিয়মীয়াকৈ 'কাৰ্বি যুৱ মহোৎসৱ'ৰ মুখ্য উদ্যোক্তা দায়িত্ব বহন কৰি আহিছে ৷

প্ৰতি বছৰৰ দৰে কাৰ্বিসকলৰ ঐতিহ্য আৰু সংস্কৃতিৰ ধ্বজা বহন কৰি অহা মহোৎসৱখনি এইবাৰো জিলাখনৰ তাৰালাংছ'ত অনুষ্ঠিত হৈছে ৷ সৰ্বমুঠ ১০৮৬ বিঘা মাটিৰে আগুৰি থকা বিশাল এলেকাৰ স্থায়ী মহোৎসৱস্থলীৰ সেউজ পৰিবেশ অতিকৈ আকৰ্ষণীয় আৰু দৃষ্টিনন্দন হৈ পৰিছে ৷ ৪৫ তম কাৰ্বি যুৱ মহোৎসৱস্থলীৰ প্ৰায় ৫টা স্থায়ী মুকলি মঞ্চ, মণ্ডপ, বিভিন্ন জনগোষ্ঠীৰ চাংঘৰ আদিয়ে প্ৰাচীন কাৰ্বিসকলৰ বৰ্ণীল ঐতিহ্য বহন কৰিছে ৷

আৰম্ভণীৰ পিছৰ পৰা বৰ্তমান এক সুকীয়া স্তৰলৈ উত্তৰন ঘটা ৪৫তম কাৰ্বি যুৱ মহোৎসৱে এইবাৰো সংস্কৃতিৰ উপৰিও শৈক্ষিক, দু:সাহসিক ক্ৰীড়া আৰু পৰম্পৰাগত ক্ৰীড়াশৈলীক এক সুকীয়া মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ এই ঐতিহাসিক কাৰ্বি যুৱ মহোৎসৱে কেৱল যুৱ প্ৰজন্মকে প্ৰতিনিধিত্ব নকৰি শিশুসকলৰ বিকাশৰ বাবেও বিভিন্ন সাংস্কৃতিক, শৈক্ষিক, চিত্ৰাঙ্কন, সাধু কোৱা আদি অনুষ্ঠান আয়োজিত কৰিছে ৷

২০১৯ বৰ্ষৰ ৪৫তম কাৰ্বি যুৱ মহোৎসৱ দুগুণ উৎসাহ উদ্দীপনাৰে ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ অয়োজন কৰা হৈছে ৷ ডিফুৰ তাৰালাংছ'ৰ বিশাল সাংস্কৃতিক ক্ষেত্ৰ এতিয়া কাৰ্বিসকলৰ বিভিন্ন নৃত্য প্ৰদৰ্শন আৰু প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্ৰা, পৰম্পৰাগত খেল-ধেমালী, দু:সাহসিক ক্ৰীড়া, বাঁহ-কাঠৰ সামগ্ৰী, নানাৰঙী সাজ-পোচাক, পৰম্পৰাগত খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন প্ৰদৰ্শনী, বিপনী, ফেশ্বন শ্ব', সৌন্দৰ্য্য প্ৰতিযোগিতা, গীত-মাতেৰে আদিৰে মুখৰিত হৈ পৰিছে ৷

১৪ ফেব্ৰুৱাৰীত ৪৫তম কাৰ্ৱি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰ ছিং ক্ৰই ৷ ইয়াৰ পিছতে ২০১৯ বৰ্ষৰ বৰ্নাঢ্য কাৰ্যসূচীসমূহৰ শুভাৰম্ভ কৰে কাৰ্বি স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ সম্পূৰ্ণ কাৰ্বি ৰীতি-নীতিৰে ছয়দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভনী অনুষ্ঠানটোত কাৰ্বি জনগোষ্ঠীয় বিভিন্ন বৰ্ণিল সংস্কৃতিৰ সমাহাৰ ঘটা পৰিলক্ষিত হয় ৷

শনিবাৰে কাৰ্বি যুৱ মহোৎসৱৰ দ্বিতীয় দিনা বতৰে দিনৰ ভাগত কিছু বিধি পথালি দিয়ে যদিও বিয়লি ভাগৰ পৰা মহোৎসৱস্থলীলৈ ৰাইজৰ সোঁত বোৱা পৰিলক্ষিত হয় ৷ দিনযোৰা বিভিন্ন কাৰ্যসূচীৰ পিছত সন্ধ্যাৰ পৰা বিভিন্ন মুকলি মঞ্চত আৰম্ভ হয় ভিন ভিন প্ৰতিযোগীতা আৰু আমন্ত্ৰিত অতিথি শিল্পীৰ অনুষ্ঠান ৷ নিশা এপৰলৈকে অগণন লোকে লোকাৰন্য হৈ পৰে ডিফুৰ ঐতিহাসিক সাংস্কৃতিক পথাৰস্থলী তাৰালাংছ' ৷ সকলোৱে আনন্দ মনে শান্তি-সম্প্ৰীতিৰ বাৰ্তা বিলায় উপভোগ কৰে ৪৫তম কাৰ্বি যুৱ মহোৎসৱৰ বৰ্নাঢ্য তথা বৰ্ণীল কাৰ্যসূচী ৷