অসম

এইবাৰ এন আৰ চিৰ কৃতিত্ব দাবী আজমলৰ

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছতে ইয়াৰ কৃতিত্ব ল'বৰ বাবে উঠি পৰি লাগিছে একাধিক নেতা আৰু দল-সংগঠন। বিজেপিক প্ৰত্যাহ্বান জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এন আৰ চিৰ কৃতিত্ব দাবী কৰা পিছত এইবাৰ এই তালিকাত নিজৰ নাম লিপিৱদ্ধ কৰিছে এআইইউডিএফৰ মূৰব্বী বদৰুদ্দিন আজমলে।

সোমবাৰে দৰং জিলাৰ খাৰুপেটীয়াত এখন সভাত অংশগ্ৰহণ কৰি আজমলে সকলোকে আচৰিত কৰি কয় যে এন আৰ চিৰ কৃতিত্ব দাবী কৰাৰ অধিকাৰ কংগ্ৰেছ, বিজেপি, আছু কাৰোৰেই নাই, আছে কেৱল জমিয়ত উলেমা-ই-হিন্দৰহে। '১৯৬০ চনতে আমাৰ জমিয়ত উলেমা-ই-হিন্দে অসমত এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনাইছিল। গতিকে এন আৰ চিৰ কৃতিত্বৰ দাবীদাৰ কেৱল আছু, বিজেপি বা কংগ্ৰেছ নহয়।'-আজমলে কয়।

জমিয়ত উলেমা-ই-হিন্দৰ দৰং জিলাৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত এন আৰ চি সম্পৰ্কীয় সজাগতা সভাখনত ভাষণ প্ৰদান কৰি সংখ্যালঘু নেতাগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে যিজন লোকে মুখ্যমন্ত্ৰী হৈ থকা কালত কেৱল ভোটৰ লালসাত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বাৰম্বাৰ আওকাণ কৰি আহিছিল সেইজন লোকে এতিয়া এন আৰ চিৰ কৃতিত্বৰ দাবীদাৰ হ'বলৈ যোৱাতো হাস্যকৰ।

তৰুণ গগৈৰ কাৰ্যকালতে ডি ভোটাৰৰ সংখ্যা উদ্বেগজনকাভাৱে বৃদ্ধি পাইছিল বুলিও আজমলে মন্তব্য কৰে। তেওঁ কয়, 'ৰাজনৈতিক মুনাফা লাভৰ কাৰণে সকলো ৰাজনৈতিক দলে টাৱা গৰম কৰি আছে। এফালে যদি মমতা বেনাৰ্জী, আনফালে আছে অমিত শ্বাহ। আমাৰ তৰুণ গগৈ চাহাবো ‌পিছ পৰি থকা নাই।'

অসমৰ এন আৰ চিক লৈ অৰুণাচল প্ৰদেশে গ্ৰহণ কৰা ভূমিকাকো সমালোচনা কৰে এআইইউডিএফৰ মূৰব্বীগৰাকীয়ে। অৰুণাচলৰ এনে ভূমিকাই অসমত অশান্তি বিয়পোৱাৰ আশংকা কৰি, এনে কাৰ্য বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে আজমলে।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্যক সমৰ্থন কৰা নাই আৰু বিৰোধিতাও কৰা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে এআইইউডিএফ প্ৰধানগৰাকীয়ে।