অসম

জিৰ’ পইণ্টৰ ২০০ ফুট তলত বিধ্বস্ত বাহনঃ কাষত সিচৰতি হৈ আছে সন্ধানহীন অসমৰ যুৱকৰ মৃতদেহ…

asomiyapratidin

ডিজিটেল সংবাদ নগাঁও: সন্ধান ওলাইছে অৰুণাচলত সন্ধানহীন অসমৰ যুৱকৰ ৷ মঙ্গলবাৰৰ পৰা সন্ধানহীন হৈ থকা চাৰি যুৱকৰ ভিতৰত দুজন যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰা হৈছে ৷ ডিয়াঙৰ পাহাৰৰ জিৰ' পইণ্টৰ ২০০ ফুট তলত প্ৰত্যক্ষ কৰিছে মৃতদেহ দুটি ৷ প্ৰত্যক্ষ কৰা মৃতদেহ দুটি সিচৰিত হৈ পৰি আছিল ৷ ইফালে পাহাৰৰ নামনিত এখন বিধস্ত গাড়ী প্ৰত্যক্ষ কৰিছে অভিযানকাৰী দলে ৷

সন্দেহ কৰা মতে বৰ্তমান প্ৰত্যক্ষ কৰা মৃতদেহ দুটা নগাঁও চহৰৰ লাওখোৱা পথৰ বেদান্ত বৰমেহেলা আৰু কন্দলিৰ নয়ন বসুমতাৰীৰ ৷ পাহাৰৰ নামনিত শিলৰ মাজত দুটি স্হানত পৰি থকা মৃতদেহ দুটা ওপৰলৈ উঠাই আনিবলৈ সময় লাগিব ৷ আনহাতে দুৰ্ঘটনাত পতিত এ এছ ০১ বিপি ০৬০৫ নম্বৰ বাহনখনো উদ্ধাৰ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব।

উল্লেখ্য যে ১৯ জুলাইত চাৰি বন্ধু নয়ন,বেদান্ত , হিৰক বড়ো আৰু সঞ্জীব দাস অৰুণাচললৈ ফুৰিবলৈ গৈছিল ৷ অৰুণাচলত উপস্হিত হোৱাৰ পিছত সেই দিনা সন্ধ্যাৰ পৰা চাৰিওজন যুৱক সন্ধানহীন হৈ পৰে ৷ ১৯ জুলাইৰ সন্ধ্যা ভাগৰ পৰা পৰা চাৰি যুৱকৰে পৰিয়ালৰ লোকৰে যোগাযোগ বিচিন্ন হৈ পৰে ৷ এই ঘটনাৰ পিছত পৰিয়ালৰ লোকে নগাঁও সদৰ থানাক ঘটনা সন্দৰ্ভত অবগত কৰিছিল ৷