অসম

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ভোটদানৰ হাৰ সৰ্বাধিক…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত শান্তিপূৰ্ণ ভাবে ভোটদান চলি আছে। পুৱা ৭ বজাৰ পৰা জিলাখনৰ মানকাচৰ সমষ্টিত মুঠ ৩১৬ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু দক্ষিণ শালমাৰা সমষ্টিৰ মুঠ ২৭৭ টা ভোটগ্ৰহণ কেন্দ্ৰত চলি আছে এই ভোটগ্ৰহণ। ইতিমধ্যে বিয়লি প্ৰায় পাঁচ বজালৈ জিলাখনত প্ৰায় ৮৯ শতাংশ ভোট সম্পন্ন হৈছে।

মানকাচৰ সমষ্টিত ভোটদানৰ হাৰ ৮৭.৬৬ শতাংশ আৰু দক্ষিণ শালমাৰা সমষ্টিত ৮৯.৭০ শতাংশ। ৪০ টা সমষ্টিৰ ভিতৰত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভোটদনৰ হাৰ সৰ্বাধিক। ভোটদানত প্ৰথম স্থানত আছে দক্ষিণ শালমাৰা সমষ্টি। মানকাচৰ সমষ্টিৰ কুটিৰঘাট এল পি স্কুলত এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামে পুৱা ৯ বজাত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

আনহাতে, দিনৰ ১১ বজাত মানকাচৰৰ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামেও স্বপৰিয়ালে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। জাবেদ ইছলাম ভোটদান কৰি এইদৰে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। একেদৰে মানকাচৰ সমষ্টিৰ এন পি পি দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম (দুলাল) সহ মুঠ ৮ গৰাকী প্ৰাৰ্থীয়েও সাধাৰণ ভোটাৰ সকলৰ দৰে শাৰি পাতি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

মানকাচৰ সমষ্টিৰ দৰে দক্ষিণ শালমাৰা সমষ্টিটো কংগ্ৰেছী প্ৰাৰ্থী বিধায়ক ওৱাজেদ আলী চৌধুৰী, বিজেপি প্ৰাৰ্থী আছাদুল ইছলাম, নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম মোল্লা সহ মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে ভোটাৰৰ দৰে ভোটগ্ৰহণ কেন্দ্ৰত গৈ শাৰী পাতি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

ইফালে, সাধাৰণ ভোটাৰ সকলে পুৱাৰ পৰাই কোভিড-১৯ৰ সকলো নীতি-নিয়ম মানি নিজৰ নিজৰ ভোটাদান কৰে। অৱশ্যে একাংশ ভোটগ্ৰহণ কেন্দ্ৰত যথেষ্ট পৰিমানে ভিৰ হোৱাত ভোটগ্ৰহণ কেন্দ্ৰত থিয় দি থকাৰ বাবে ঠাইৰ অভাৱ হোৱা বাবে সামাজিক দূৰত্ব বজাই নাৰাখিলেও মুখত মাক্স পৰিধান কৰি ভোটাধিকাৰ সাব্যস্ত কৰে।